/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d77be8a6-900b-4ebc-a783-c25da7f829b4/8.jpg)
ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা অঞ্চলৰ ঐতিহাসিক শান্তিজান অৰ্ধ সাপ্তাহিক বজাৰৰ বৰ্তমানৰ মহলদাৰৰ অনিয়ম,বজাৰৰ ভিতৰৰ কদৰ্যময় পৰিবেশ আৰু বজাৰৰ ভিতৰৰ হোটেলত গো মাংস বিক্ৰী কৰা বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে,নগাঁও জিলা পৰিষদৰ অন্তৰ্গত বটদ্ৰৱা শান্তিজান অৰ্ধ সাপ্তাহিক বজাৰৰ মহলদাৰৰ লগত নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ বন্দোৱস্তি মতে প্ৰতি, মংগল আৰু শনিবাৰেহে বজাৰৰ দোকানৰ পৰা মাচুল আদায় কৰিব পাৰে।
কিন্তু ৰাইজৰ অভিযোগ মতে, মহলদাৰ জনে বহু দোকানৰ পৰা দৈনিক ভিত্তিত মাচুল আদায় কৰি আহিছে। দ্বিতীয়তে বজাৰৰ ভিতৰৰ পৰিবেশ অতি কদৰ্যময়,অস্বাস্থ্যকৰ। মহলদাৰৰ নিবিদাৰ চৰ্ত অনুসৰি বজাৰৰ পৰিবেশ পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাটো প্ৰয়োজনীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fcc14442-3cf1-4aaf-9a58-2f5631f30fbc/5be358bf-9dd0-4e14-b844-daaa8e8172f3.jpg)
তৃতীয় ভয়ংকৰ অভিযোগ মতে, মহাপুৰুষ গুৰুজনাৰ জন্মস্থানৰ, গুৰুজনাৰ স্মৃতি বিজড়িত শান্তিজানৰ পাৰত অৱস্থিত সমন্বয়ৰ স্থলী শান্তিজান বজাৰৰ একাংশ হোটেলত অবাধে গো মাংস বিক্ৰী হৈ আছে। বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে এনেধৰণৰ কাৰ্যকলাপ বন্ধ ৰখাত ব্যৰ্থ হৈছে মহলদাৰ ইক্ৰামূল হুছেইন চৌধুৰী।
এই অভিযোগ সমূহ সন্দৰ্ভত ইতিমধ্যে ১২ জুলাইত নগাঁও জিলা আয়ুক্ত, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া,উপ মুখ্য কাৰ্যবাহী বিষয়াক স্থানীয় ৰাইজে ৰাজহুৱা অভিযোগ দাখিল কৰিছে। উক্ত অভিযোগৰ ভিত্তিত ১৬ জুলাইত নগাঁও জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত চৰজমিন তদন্ত কৰি উপৰোক্ত অভিযোগ সমূহৰ সত্যতা প্ৰমাণ পাই মহলদাৰ ইক্ৰামূল হুছেইন চৌধুৰীক কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
নগাঁও জিলাৰ পশ্চিমাঞ্চল বটদ্ৰৱা,ভোমোৰাগুৰি,ভেটিয়নী,ৰাইডঙীয়া,আইভেটি,নসত্ৰ, বাটমাৰী, কদমনি, ভেৰভেৰী, ধনীয়াভেটি, বৰভেটি, আমলখি সোনাইবেৰা, শিমলুআটিকে আদি কৰি কুৰি খনৰো অধিক গাঁৱৰ লক্ষ লক্ষ জনতাৰ ক্ৰয় বিক্ৰয়ৰস্থলী শান্তিজান বজাৰৰ এই অনিয়মৰ বিৰুদ্ধে উচিত বিচাৰৰ দাবী তুলিছে স্থানীয় সচেতন ৰাইজে।