নগাঁৱত কুঁহিলা শিল্পৰ কৰ্মশালা..

author-image
Asomiya Pratidin
New Update
নগাঁৱত কুঁহিলা শিল্পৰ কৰ্মশালা..

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱত অনুষ্ঠিত কৰা হৈছে কুঁহিলা শিল্পৰ কৰ্মশালা।নগাঁৱৰ আৰ্ট ভিলেজৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা তিনিদিনীয়াকৈ কুঁহিলা শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।

আৰ্ট ভিলেজৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত অসমৰ লোককলা আৰু পৰম্পৰাগত শিল্পকলাক উত্তৰ প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই কৰ্মশালা। কৰ্মশালাখনিত ধুবুৰীৰ কুঁহিলা শিল্পী দুলাল মালাকাৰে প্ৰশিক্ষণ প্ৰদান কৰে। বিশিষ্ট চিত্ৰশিল্পী সুজিত দাসৰ পৰিচালনাত আয়োজন কৰা এই কৰ্মশালাত দুই কুৰি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই। অনুষ্ঠানৰ আৰম্ভণিতে এটি লোকগীত পৰিৱেশন কৰে লোকসংগীত শিল্পী গোলাপ বৰাই। কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত শিশুবন্ধু দুলাল বৰা, কবি নয়নমণি মিশ্ৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: Dibrugarh University: বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো কৰক জবাৱদিহি !