শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত নামভৰ্তি সজাগতা প্ৰচাৰ শীৰ্ষক অনুষ্ঠান

নামভৰ্তি সজাগতা প্ৰচাৰ শীৰ্ষক এটি অনুষ্ঠানত উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক বিৰিঞ্চি কুমাৰ বৰা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ  বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সৌজন্যত নামভৰ্তি সজাগতা প্ৰচাৰ শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক বিৰিঞ্চি কুমাৰ বৰা।

পঞ্জীয়ক গৰাকীয়ে কয় যে, মুক্ত বিশ্ববিদ্যালয় এক পৰিপূৰক শিক্ষা ব্যৱস্থা। ইয়াত বয়সৰ কোনো সীমা নাই। ১৮ বছৰ উৰ্দ্ধৰ সকলোৰে বাবে দুৱাৰ মুকলি হৈ আছে। মুক্ত বিশ্ববিদ্যালয় প্ৰয়োজন বহুত। পৃথিৱীৰ বহুতো লোকৰ অদম্য হেঁপাহ থকাৰ পাছত উচ্চ শিক্ষাৰ লব নোৱাৰে, সেইসকলৰ বাবে এই মুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ডিগ্ৰী আৰু অন্যান্য বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ সমকক্ষ, ইয়াত বিন্দুমাত্ৰ পাৰ্থক্য নাই।" বুলি দৃশ্য শ্ৰাব্য মাধ্যমৰ মাজেৰে বিশ্লেষণ কৰে।

আদৰণি ভাষন প্ৰদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ নমিতা কলিতাই কয়, সৰ্বসাধাৰণ লোকৰ মনত থকা এটা ধাৰণা হৈছে যে শিক্ষা লাভ কৰিবৰ বাবে অথবা শিক্ষিত লোক হ’বলৈ হ’লে মানুহে স্কুল বোলা অনুষ্ঠানলৈ যাব লাগে। আজি শিক্ষা-প্ৰযুক্তি বিজ্ঞানৰ ব্যৱস্থাই এনেবোৰ পুৰণি ধাৰণা উলট-পালট কৰি পেলাইছে। আজি স্কুল বা শিক্ষা প্ৰতিষ্ঠানলৈ নোযোৱাকৈও মানুহ শিক্ষিত বা শিক্ষালব্ধ হৈ উঠিব পাৰে।

মহাবিদ্যালয়ৰ উপাধ্যক্ষ দেৱজিৎ মহন্তই বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰা অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে। নগাঁও ছোৱালী মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক শৰৎ হাজৰিকাই শিক্ষা জীৱনযোৰা অবিৰাম ব্যৱস্থা বুলি প্ৰকাশ কৰে।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমন্বয়ক তথা মহাবিদ্যালয়ৰ অধ্যাপক মণ্টু বৰাই আঁত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক তথা অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ আশ্বিক ইলাহীয়ে উদেশ্য ব্যখ্যা কৰা অনুষ্ঠানটিত অধ্যাপক অধ্যাপিকা সকল, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, প্রাক্তন ছাত্ৰ ছাত্ৰী সহ সহস্ৰাধিক লোক উপস্থিত আছিল। 

বটদ্ৰৱা