অৱসৰপ্ৰাপ্ত আয়কৰ বিষয়া-বিশিষ্ট সমাজকৰ্মী আব্দুল মজিদ ফাৰুকীৰ বিয়োগ

নগাঁও চহৰৰ ভূঞাপট্টিৰ কলংপাৰ নিবাসী প্ৰবীণ সমাজকৰ্মী, ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া আব্দুল মজিদ ফাৰুকীৰ বিয়োগ।

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত আয়কৰ বিষয়া-বিশিষ্ট সমাজকৰ্মী আব্দুল মজিদ ফাৰুকীৰ বিয়োগ

ডিজিটেল সংবাদ , নগাঁও : নগাঁও চহৰৰ ভূঞাপট্টিৰ কলংপাৰ নিবাসী প্ৰবীণ সমাজকৰ্মী, ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া আব্দুল মজিদ ফাৰুকীৰ বিয়োগ। নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

Advertisment

মঙলবাৰে বিয়লি হঠাৎ স্বাস-প্ৰস্বাসত অসুবিধা হোৱাত তেওঁক লগে লগে ডিউ কেয়াৰ হস্পিতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও হৃদযন্ত্ৰত অত্যাধিক সংক্ৰমণ হোৱাৰ ফলত তেওঁৰ মৃত্যুৰ সৈতে যুঁজিও হাৰ মানিবলগা হয়। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে নগাঁও চহৰৰ ভূঞাপট্টিস্থ বাসভৱনত বহু আত্মীয় স্বজন আৰু বহু গুণমুগ্ধ‌ই ভিৰ কৰা পৰিলক্ষিত হয়।

জিলাখনৰ জুৰীয়াৰ সমীপৰ বগৰিগুৰিত ১৯৫২ চনত জন্ম গ্ৰহণ কৰা আব্দুল মজিদ ফাৰুকীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত স্থানীয় বগৰিগুৰি মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৭ চনত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। পাছত তেওঁ নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা ১৯৬৯ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৭২ চনত বি এ পাছ কৰে।

সেই বৰ্ষতে ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ অধীনস্থ আয়কৰ বিভাগৰ নগাঁওস্থ কাৰ্যালয়ত কাৰ্যালয় সহায়ক পদত নিযুক্ত হৈ চাকৰি জীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ গুৱাহাটীলৈ বদলি হয় যদিও পুনৰ নগাঁৱত প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰে আৰু বিগত ২০১১ চনত উক্ত পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে।

চাকৰি সুত্ৰে তেওঁ নগাঁও চহৰৰ ভুঞাপট্টি কলংপাৰত পৰিয়াল সহ ১৯৮৮ চনৰ পৰা নিগাজিকৈ থাকিবলৈ লয়। অন্যান্য সম্প্ৰদায়ৰ লোকৰ লগতো এক সু-সম্পৰ্ক ৰক্ষা কৰি চলা ফাৰুকী চাকৰিৰ সমান্তৰালকৈ তেওঁ ৰাজনীতিৰ লগত জৰিত আছিল আৰু ১৯৮৮ চনত গোলাম উচমানী নেতৃত্বাধীন ইউ এম এফ দলৰ সৈতে জৰিত হৈছিল।

তদুপৰি ১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্তৰ সান্নিধ্যত তেওঁ আঞ্চলিক দল অগপৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে দলীয় কামত জৰিত হৈছিল আৰু পৰৱৰ্তী সময়ত বদৰুউদ্দিন আজমল নেতৃত্বাধীন এআই ইউ ডি এফত যোগদান কৰি সক্ৰিয় ভাবে ৰাজনীতি আৰম্ভ কৰে।

বিভিন্ন সামাজিক, জাতীয় আৰু ধৰ্মীয় কাম কাজত জৰিত হৈ আজীৱন সমাজ সেৱাৰ লগত জৰিত ফাৰুকী মৃত্যুৰ আগ মূহুৰ্তলৈকে নগাঁও জিলা জমিয়তৰ উপ-সভাপতি, নগাঁও জিলা দ্বীনী তালিমী বৰ্ডৰ উপ-সভাপতি, সংখ্যালঘু সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতিৰ(চি চি এম অ')ৰ সভাপতি, নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ফলাহ গ্ৰুপ অফ ইনষ্টিটিউটছৰ বৰ্ড অফ মেম্বাৰ, নেলী ডেভলপমেন্ট কমিটিৰ উপদেষ্টা পদ আদিত অধিষ্ঠিত হৈ সামাজিক আৰু শৈক্ষিক উত্তৰণৰ বাবে কাম-কাজত ব্ৰতী হৈ আছিল। 

বুধবাৰে বিয়লি ভুঞাপট্টি ঈদগাহত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন কৰাৰ পিছত ভুঞাপট্টি ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰা হয়।

বিধায়ক ক্ৰমে ৰূপক শৰ্মা, নুৰুল হুদা, আমিনুল ইছলাম, প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰাকে ধৰি বিভিন্ন ব্যক্তি-সংগঠনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ আৰু পাঁচ গৰাকী কন্যা সন্তান সহ বহু নাতি- নাতিনীক ইহ সংসাৰত এৰি থৈ গৈছে।

আৰু পঢ়ক: পাঠানঃ মুক্তিৰ প্ৰথম দিনটোত কিমান কোটি টকা কৰিলে উপাৰ্জন ?