নগাঁও সদৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন

নগাঁও সদৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
নগাঁও সদৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ,নগাঁও: নগাঁও সদৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে ৰত্নকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। এই অধিৱেশনতে মুখ্য উপদেষ্টা হিচাপে যজ্ঞেশ্বৰ ৰাজখোৱাক দায়িত্ব প্ৰদান কৰা হয় ৷

Advertisment

অধিবেশনতে ৰঞ্জিত বৰা(দাদু)ক সভাপতি আৰু জ্যোতিৰ্ময় বৰাক সম্পাদক হিচাপে মনোনীত কৰা হয় ৷ যজ্ঞেশ্বৰ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পুৰনা কমিটি ভংগ কৰি পেনেল যোগে নতুনকৈ আগন্তক কাৰ্যকালৰ বাবে ৩০জনীয়া সমিতি এখন গঠন কৰা হয়।লগতে উপদেষ্টা হিচাপে শ্যামন্ত দাস, মিন্টু শৰ্মা, তিলেশ্চৰ হাজৰীকা, নিৰোদ শৰ্মা,তৃষা বৰাক সমিতিত ৰখা হয় ৷

সভাত উপস্থিত থাকে কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে সৰ্বশ্ৰী নৰেশ হাজৰিকা, লক্ষীপ্ৰসাদ ডেকা, প্ৰণৱ শইকীয়া, পুতুল ডেকা, মজিবুৰ ৰহমান আদি ৷

Also Read: কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

নগাঁও সদৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ