নগাঁৱত ট্ৰাক আতংক! ১০ মিনিটতে খুন্দিয়ালে ৫খনকৈ বাহনত

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নগাঁওঃ এখন ট্ৰাকক লৈ নগাঁও চহৰত সোমাবাৰে সৃষ্টি হয় তীব্ৰ আতংকময় পৰিস্থিতিৰ। চহৰখনৰ লাওখোৱা পথত দিনৰ ২ বজাত এছ ০৯ ১০৮২ নম্বৰৰ ট্ৰাকখনৰ চালকে ১০ মিনিটৰ ভিতৰতে এখনৰ পিছত এখনকৈ গাড়ী, মটৰ চাইকেল, স্কুটী মহতিয়াই নিয়ে।

ট্ৰাকৰ তাণ্ডবৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা পৰে কেবাজনো আৰোহী আৰু পথচাৰীৰ। ট্ৰাকখনৰ চালক জীতেন বৰাই প্ৰথমে এখন মাৰুতি কাৰত খুন্দা মাৰে। তাৰ পিছত এ এছ ০১ এম বি ০৪৬১ নম্বৰৰ মটৰ চাইকেলখনত খুন্দা মাৰি পথৰ কাষত ৰখাই থোৱা এ এছ ০২ এন ১০৩৪ নম্বৰৰ মাৰুতি ছুইফটখনত খুন্দিয়ায়।

ইয়াৰ পিছত এ এছ ০২ পি ২৫৩৮ নম্বৰৰ স্কুটীখনৰ লগতে আন এখন নতুন স্কুটীত খুন্দা মাৰে। নিয়ন্ত্ৰণহীন ভাবে অহা ট্ৰাকখন দেখি আৰোহী সকলে বাহনসমূহৰ পৰা জপিয়াই নামি প্ৰাণ ৰক্ষা কৰে।

আধাঘণ্টাৰো অধিক সময় ধৰি এনেদৰে সন্ত্ৰাস চলোৱাৰ পিছত ট্ৰাকখন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। লগে লগে স্থানীয় লোকে চালক জিতেন বৰাক কৰায়ত্ব কৰি বান্ধি থয়। এই ঘটনাক লৈ লাওখোৱা পথত উত্তেজনাৰ সৃষ্টি হয়। পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি চালকজনক আটক কৰি থানালৈ নিয়াৰ লগতে ট্ৰাকখন জব্দ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in