লকডাউনৰ মাজতে বন্ধুৰ সৈতে ভোজ খাবলৈ যোৱা নগাঁৱৰ পোতনিৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

লকডাউনৰ মাজতে বন্ধুৰ সৈতে ভোজ খাবলৈ যোৱা নগাঁৱৰ পোতনিৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

author-image
asomiyapratidin
New Update
লকডাউনৰ মাজতে বন্ধুৰ সৈতে ভোজ খাবলৈ যোৱা নগাঁৱৰ পোতনিৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ লকডাউন অমান্য কৰি শুকুৰবাৰে নিশা ভোজ-ভাত খাবলৈ গৈছিল নগাঁও থানাৰ অন্তৰ্গত পোতনিৰ সোণাৰী গাঁৱৰ ৫ গৰাকী যুৱক। গাওঁখনৰে এমূৰত থকা প্ৰাথমিক বিদ্যালয়ৰ নাতিদূৰৈত নিশা তেওঁলোকে ভোজ-ভাত খোৱাৰ পিছত শনিবাৰে পুৱা অতি ৰহস্যজনকভাৱে দিগন্ত হাজৰিকা নামৰ যুৱকজনৰ মৃতদেহ তেওঁৰ ঘৰৰ পদূলিত উদ্ধাৰ হোৱাত গাঁওখনত হুৱা-দুৱা লাগে।

Advertisment

গাঁৱৰ গাওঁবুঢ়াই লগে লগে বিষয়টো আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাও কৰোৱায়। সন্দেহজনক এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যিকেইগৰাকী যুৱকৰ সৈতে শুকুৰবাৰে দিগন্তই ভোজ খাইছিল তেওঁলোকক থানালৈ আনি সোধা-পোছা কৰে। অৱশ্যে মৃতদেহটোৰ বুকু-পিঠিত চোচৰাৰ দাগ দেখি আৰক্ষীৰে এটা মহলে খানা খোৱাৰ পিছত নিশা চুবুৰীয়াৰ বাৰিত নাৰিকল পাৰিবলৈ উঠি যুৱকজন দুৰ্ঘটনাৱশতঃ গছৰৰ পৰা পৰি যোৱা বুলি সন্দেহ কৰাৰ বিপৰীতে যুৱকজনৰ চুবুৰীয়াই এয়া পৰিকল্পিত হত্যাকান্দ হ'ব পাৰে বুলিও সন্দেহ কৰিছে।