/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/yeesesesr-greeretty.jpg)
ডিজিটেল সংবাদ, নগাঁও: সোমবাৰে একাংশ জ্যেষ্ট নাগৰিকে নগাঁও মহাবিদ্যালয়ৰ সমীপৰ মতিৰাম বৰাদেৱৰ প্ৰতিমূৰ্তিৰ ওচৰতে বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ এঘন্টা অৱস্থান কৰি নিৰীহ নগালেণ্ডবাসীক বধ নকৰিবৰ বাবে ভাৰত চৰকাৰক আহ্বান জনায়।উত্তৰ-পূৰ্বাঞ্চলত চৰকাৰে চলাই ৰখা সকলো ক'লা আইন বাতিল কৰিবৰ বাবে দাবী জনাইছে।
লগতে ৰাষ্ট্ৰ সন্ত্ৰাস, মুক্ত হত্যা, গুপ্ত হত্যা, এনকাউণ্টাৰ আদিৰ দৰে অমানৱীয় সকলো কাম বন্ধ কৰি শান্তি প্ৰতিস্থা কৰিবলৈও দাবী জনায়। আজিৰ এই নীৰিহ নগালেণ্ডবাসীক বধ নকৰিব অৱস্থান কাৰ্যসূচীত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰ, সচেতন প্ৰগতিশীল মহিলা ৰিনা লস্কৰ, সচেতন যুবক বিৰিঞ্চি বৰা, অধিবক্তা ইমদাদ হুছেইন, সমাজকৰ্মী মঞ্জুল জ্যোতি দাস, সমাজ সচেতন ব্যক্তি জিতু নাথ আদিয়ে অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us