অৰুণাচলত নগাঁও আৰক্ষীৰ অভিযান, আৱদ্ধ ৬ শ্ৰমিকক উদ্ধাৰ…

অৰুণাচলত নগাঁও আৰক্ষীৰ অভিযান, আৱদ্ধ ৬ শ্ৰমিকক উদ্ধাৰ…

author-image
asomiyapratidin
New Update
অৰুণাচলত নগাঁও আৰক্ষীৰ অভিযান, আৱদ্ধ ৬ শ্ৰমিকক উদ্ধাৰ…

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা আৰক্ষীয়ে অৰুণাচলত অভিযান চলাই উদ্ধাৰ কৰিছে একাংশ আবদ্ধ শ্ৰমিকক৷ বিনা পাৰিশ্ৰমিকৰে আলু আৰু সিজোৱা চাউল খাবলৈ দি কামত লগোৱা এই শ্ৰমিক সকলক আৰক্ষীয়ে উদ্ধাৰ কৰোৱাৰ লগতে অভিযুক্ত চৰ্দাৰ জাবেদ আলিকো আটক কৰিছে আৰক্ষীয়ে৷ তিনিচুকীয়াৰ জাবেদ আলী আৰু বাবুয়ে নগাঁৱৰ মধুপুৰৰ পৰা তিনিমাহৰ পূৰ্বে পাইপ লাইনৰ কামৰ বাবে ১৭ জন শ্ৰমিকক অৰুণাচললৈ নিছিল৷ আপাৰ ডিবাঙভেলিত কাম কৰিবলৈ নিয়া শ্ৰমিকসকলক পাইপ লাইনৰ কামৰ বাবে নি শ্ৰমিকসকলক পানীৰ পৰা শিল উঠোৱা কামত নিয়োগ কৰে৷

Advertisment

শ্ৰমিক সকলে ভিতৰুৱা স্থানত প্ৰথম অৱস্থাত কাম কৰিছিল যদিও কাম কৰি পাৰিশ্ৰমিক নোপোৱাত আৰু আলু সিজোৱা চাউল খাই কাম কৰিব লগা হোৱাত এজন এজনকৈ শ্ৰমিকে পলায়ন কৰিবলৈ আৰম্ভ কৰে৷ চৰ্দাৰ বাবুৰ জিম্মাৰ পৰা ১১ জন শ্ৰমিকে পলায়ন কৰি নগাঁৱত উপস্থিত হৈ আৰক্ষীৰ সহায় বিচাৰে৷ আৰক্ষীয়ে লগে লগে অৰুণাচলৰ আপাৰ ডিবাঙভেলি আৰক্ষীৰে যোগাযোগ কৰে৷ আপাৰডিবাঙ ভেলি আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে আবদ্ধ হৈ থকা ৬ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ লগতে কামত লগাই প্ৰবঞ্চনা কৰা বাবু ওৰফে জাবেদকো আটক কৰিবলৈ সক্ষম হয়৷