/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/palash-bishesh-lekha-nagaon-paper-mill.jpg)
● পলাশ জ্যোতি গগৈ
জীৱন মানেই সংগ্ৰাম। প্ৰতিজন লোকেই জীৱনত নিজৰ প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰিব লাগে। এই সংগ্ৰাম ক্ষমাহীন, নিৰ্মম। কাহানিও অন্ত নপৰে জীৱন সংগ্ৰাম। এই সংগ্ৰামী জীৱনৰ গতি যেতিয়া স্থবিৰ হৈ পৰে এজন ভুক্তভোগীয়েহে সেই কথা অনুভৱ কৰিব পাৰে।
আমি যেতিয়া নগাঁও কাগজ কললৈ গৈছিলোঁ প্ৰত্যক্ষ কৰিছিলোঁ জীৱন সংগ্ৰামৰ এখন কৰুণ ছবি। দুচকুৰ কৰুণ সুৰেৰে এগৰাকী মাতৃয়ে কৈছিল, 'আমাৰ লৰা-ছোৱালীবোৰৰ জীৱনটো কি হ'ব একো ক'ব নোৱাৰো। কিবা এটা কৰিবলৈ হ'লেও বহুবাৰ ভাবিব লাগে। কি কৰিব। টকা পইচা লাগিব। আমি এই টকা পইচা ক'ত পাম। দৰমহা নাপাও।' তেওঁ লগতে কৈছিল, 'আজি ৩০ মাহে এটকাও নাই। ছোৱালীজনীক গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াইছো। তাই এতিয়া ডাঙৰ হ'ল কাৰণে বুজি পাই। যাৰ ঘৰত সৰু লৰা-ছোৱালী আছে সিহতি কি কৰিব, কেনেকৈ বুজাব। খাবলৈতো লাগিব। জীয়াই থাকিবলৈ খাব লাগিব।'
তেখেত এগৰাকী শিক্ষয়িত্ৰীও। অৱশ্যে তেওঁ কাম কৰা কনিষ্ঠ মহাবিদ্যালয়খন ভেন্সাৰ হৈ আছে। দৰমহা নাপায়। আচলতে অভিযোগ নহয়, এয়া তেওঁলোকে প্ৰাপ্য বিচাৰি চৰকাৰলৈ জনোৱা অনুৰোধে। আতঁৰৰ পৰা এই কথা কোনেও নুবুজে। নগাঁও কাগজ কলৰ এসময়ৰ কৰ্মচাৰী সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/e42707aa-619d-495c-9bf9-9b1d9b82c1bb-1024x768.jpg)
কৰ্মচাৰীসকল বাস কৰা কলনীত আছে প্ৰায় ৪০০ মান ছাত্ৰ-ছাত্ৰী। তাৰে অধিকাংশই গুৱাহাটীত থাকি পঢ়ে। উচ্চ শিক্ষা লাভৰ বাবে গুৱাহাটীত থকা ছাত্ৰ-ছাত্ৰীসকল দৈনিক না না অসুবিধাত পৰিছে। কোনো কোনোৱে বিদ্যালয়ৰ মাচুল দিব নোৱাৰি ঘৰলৈ উভতি গৈছে। আন কোনো ছাত্ৰ-ছাত্ৰীক বিদ্যালয় অথবা মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সহায় কৰিছে।
শিক্ষানুষ্ঠানত প্ৰয়োজন হোৱা মাচুল দিবলৈ অক্ষম হৈছে ছাত্ৰ-ছাত্ৰীসকল। তেনে এক ঘটনাই কেইদিনমান পূৰ্বে সংঘটিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ত। এগৰাকী ছাত্ৰীয়ে নিজৰ মাচুল দিব নোৱাৰাৰ বাবে তেওঁক বিশ্ববিদ্যালয়ৰ পৰা বাহিৰ হ'বলৈ কোৱা হৈছিল। অসহায় ছাত্ৰী গৰাকীৰ বাবে চকুলোৰ বাহিৰে একোৱে নাছিল। তেওঁ সেই মাচুল দিব পৰা নাছিল। পিছে একাংশ লগৰীয়াই তেওঁৰ মাচুল পৰিশোধ কৰি সহায় কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/01b7b065-eb14-4b61-89b2-28705bde15ea-1-768x1024.jpg)
নগাঁও কাগজ কল বন্ধ হোৱাৰ পাছৰে পৰা এনেকৈয়ে দিন কটাইছে এইসকল দুৰ্ভগীয়া লোকে। হঠাৎ কাগজ কলটো বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল। কাগজ উৎপাদন হৈ থকাৰ সময়তে বন্ধ কৰা হৈছিল কলটো। পূৰ্বতে নগাঁও কাগজ কলত ২২০০ স্থায়ী কৰ্মচাৰী আৰু প্ৰায় ৬০০০-৭০০০ কেজুৱেল কৰ্মচাৰী আছিল। অন্তিম বাৰৰ বাবে এই কাগজ কলটোত উৎপাদন কৰা হৈছিল ২৭৬ মেট্ৰিক টন কাগজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/paper-mill-paper-1024x768.jpg)
এতিয়া হাজাৰ হাজাৰ কৰ্মচাৰীৰ ঘৰত খাবলৈ ভাতৰ অভাৱ। কেইবাদিনো ধৰি চলোৱা চৰজমিন অনুসন্ধানত দেখিবলৈ পোৱা গ'ল কেতবোৰ দৃশ্য যি দৃশ্যই আপোনাৰ চকু সেমেকাই তুলিব। প্ৰায় ৭০০ ঘৰ লোক থকা এটা আৱাসিক এলেকাৰ বাসিন্দাৰ সৈতে আমি কথা পাতিছিলো। সেই সময়ত জানিবলৈ পোৱা গৈছিল কেনে এক পৰিৱেশত তেওঁলোকে বাস কৰিছে। পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকল বাদেই কোনো লোক যদি দুৰ্ঘটনাত পতিত হৈছে তেন্তে সেইসকল লোকক হাস্পতালত ভৰ্তি কৰাৰ বাবেও প্ৰয়োজন হোৱা টকাও তেওঁলোকৰ নাই। যাৰ বাবে ভৰি ভগাৰ পাছত সম্পূৰ্ণ চিকিৎসা নকৰাকৈয়ে ঘৰলৈ ঘূৰাই নিয়াৰো উদাহৰণ নোহোৱা নহয়।
সন্দিকৈ কলেজৰ ছাত্ৰী পৰীস্মিতা বুঢ়াগোহাঁইৰ কথা নিশ্চয় বহু লোকৰে মনত আছে। এইগৰাকী ছাত্ৰীয়ে এসময়ত বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত কান্দি কান্দি কেনে পৰিৱেশত তেওঁলোক থাকিব লগা হৈছে সেই কথা কৈছিল। তাৰ পিছতে কেইদিনমানৰ বাবে এটা অভিযানৰ আৰম্ভ হৈছিল। সকলো লোকে চৰকাৰৰ ওচৰত শ্ৰমিক-কৰ্মচাৰীসকলৰ প্ৰাপ্য আদায় দিয়াৰ বাবে দাবী জনাইছিল। মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে। লাহে লাহে সময় বাগৰিল। সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল।
এতিয়া ৪০০ ছাত্ৰীৰ দায়িত্ব ৰাজ্য চৰকাৰৰ হাতত। মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে চিন্তা কৰিবনে এইসকল ছাত্ৰ-ছাত্ৰীৰ কথা? এইক্ষেত্ৰত কোনো লোকৰে নিশ্চিত তথ্য নাই। অনুসন্ধানকালত কথা পাতিছিলোঁ আবাসিক এলেকাৰ কুৰি ঘৰৰো অধিক লোকৰ সৈতে। সকলোৱে কৈছিল জীৱনলৈ অহা জটিল পৰিক্ৰমাৰ কথা। তেওঁলোকৰ মতে, ভবাৰ দৰে একোৱে নহয়। জীৱনক লৈ লাহে লাহে আমাৰ আকৰ্ষণ কমি গৈছে।
তাৰ মাজতে এনে লোকো পাইছিলো যি নিজৰ বাহন বিক্ৰী কৰিও চলিব লগা হৈছিল। আমি আৱাসিক এলেকাটো ঘূৰি ঘূৰি দত্ত উপাধিৰ দুই আৱাসী তথা এটা পৰিয়ালৰ সাক্ষাৎ হৈছিলো। তেওঁলোকে কৈছিল জীৱনৰ কঠিন বাটত প্ৰতিটো খোজত মুখামুখি হোৱা অসুবিধাৰ কথা। লোকজনে দীৰ্ঘদিন ধৰি নগাঁও কাগজ কলত কাম কৰিছিল। তেওঁলোকৰ এখন সুখৰ সংসাৰ আছে। কাগজ কলটো বন্ধ হোৱাৰ পৰা জীৱনলৈ না না সংকট নামিছে। এসাঁজ খাই এসাঁজৰ বাবে চিন্তা কৰিব লাগে। তেওঁৰ মনৰ ভাৱবোৰ ক্ষোভৰ জীয়া জুইৰ দৰে ভাঁহি আহিছিল।
যেনেতেনেহে চলি আছে পৰিয়ালটো। কাগজ কলটো বন্ধ হোৱাৰ পাছৰে পৰা তেওঁলোকৰ দিনবোৰ বহুত কষ্টকৰ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/01a5c212-1dc9-4d6c-b69a-22e17f5b1a82-1024x768.jpg)
অঞ্চলটোৰ কেবাজনো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বিষয়ে জানিছিলো। এগৰাকী সেই অঞ্চলৰে বাসিন্দা তৃষিতা দত্ত ভৰদ্বাজ। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। বহুত কষ্টেৰে তেওঁ পঢ়িবলগীয়া হৈছে। লগতে কৈছিল চুবুৰীয়া অৰবিন্দ, পৰীস্মিতাৰ কথাও। সেই পৰীস্মিতাই এদিন মুখ্যমন্ত্ৰীৰ সন্মুখত আবেগিক হৈ পৰিছিল। ১৯৭৮ চনৰ পৰা কাগজ কলটোৰ উৎপাদন আৰম্ভ হৈছিল। ১৯৭০ চনত ভাৰত চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠা হৈছিল হিন্দুস্তান কাগজ নিগম। প্ৰয়োজনীয় কাগজ উৎপাদন সম্ভৱ নোহোৱাৰ বাবেই ১৯৭৭ চনত নগাঁও কাগজ কল প্ৰতিষ্ঠাৰ প্ৰস্তাৱ লোৱা হৈছিল। অঞ্চলটোৰ ৰাইজৰ বাবে কাগজ কলটোৱে আশাৰ বতৰা কঢ়িয়াইছিল। নিবনুৱাই সংস্থাপন লাভ কৰিছিল। কিন্তু সময়ে সকলো কাঢ়ি নিলে।
হাহিঁৰে উপচি থকা পৰিয়ালসমূহত এতিয়া কান্দোনৰ বাদে একো নাই। ১৯৮৯ চনত নগাঁও জিলাৰ পৰা মৰিগাঁও মহকুমাক জিলা হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পিছতে জাগীৰোডত থকা কাগজ কলটো মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। কিন্তু সলনি কৰা নহ'ল কাগজ কলটোৰ নাম।
কাগজ কলটোৰ বাণিজ্যিক ক্ষেত্ৰ উৎপাদন আৰম্ভ কৰা হৈছিল ১৯৮৫ চনত। পূৰ্বে তাত মাত্ৰ পাঠ্যপুথি আৰু আন শৈক্ষিক কাম কাজত প্ৰয়োজন হোৱা কাগজহে উৎপাদন কৰা হৈছিল। কাগজ উৎপাদনৰ ক্ষেত্ৰত এছিয়াৰে ভিতৰত প্ৰথম কাগজ কলটোৰ আজিৰ পৰিৱেশ এয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/paper-mill-768x1024.jpg)
অৰ্ধশতাধিক কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে। প্ৰত্যকৰে এটাই অভিযোগ তেওঁলোকক চৰকাৰে প্ৰতাৰণা কৰিছে। শেহতীয়াকৈ এই প্ৰতাৰণাৰ অভিযোগ আনিয়ে আত্মহ্ত্যা কৰিছিল বিশ্বজিত মজুমদাৰ নামৰ এগৰাকী কৰ্মচাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/biswajit-mazumdar.jpg)
তেওঁ চুইচাইদ নোটত লিখিছিল, "I quit. GOI (Government of India) is responsible for my death"। চৰকাৰকে দোষী সাব্যস্ত কৰি লোকজনে আত্মহত্যা কৰিছিল। এয়া তেওঁৰ আত্মহত্যাৰ টোকা-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/suicide-note-1024x576.jpg)
এয়াই এতিয়াৰ পৰিৱেশ। এসাঁজ ভাতৰ বাবে সংগ্ৰাম। কাগজ কলৰ ভাল দিনত তেওঁলোকে কষ্ট কৰিলে। এতিয়া তেওঁলোকৰ বেয়া দিন। ভাজ এসাঁজৰ বাবে হাজাৰবাৰ ভাবিবলগা হৈছে। জাগীৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এতিয়া দোকান দি একালৰ কাগজ কলৰ কৰ্মচাৰীয়ে দিন কটাইছে। তেনে এজন লোক ভূপেন শইকীয়া। তেওঁৰ পুত্ৰই কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/bhupen-saikia-nagaon-paper-mill-750x430.jpg)
দুই দশক ধৰি কাগজ কলত কেজুৱেল কৰ্মচাৰী হিচাপে কৰ্মসম্পাদন কৰা আন এজন লোক দিলীপ কুমাৰ শইকীয়া। তেওঁ এতিয়া পান দোকান দি পৰিয়াল চলাইছে। লোকজনৰ মুখলৈ চালে দেখিবলৈ পোৱা যায় জীৱনৰ প্ৰতি থকা তেওঁৰ ভালপোৱা। কিন্তু কি কৰিব উপায়হীন এইসকল লোক। তেওঁৰ মুখত এটাই কথা, 'মোৰ লৰা-ছোৱালী কেইটাক এসাঁজ ভাত যোগান ধৰিবলৈ হ'লে মই কষ্ট কৰিবই লাগিব।'
প্ৰায় এবছৰমানৰ আগৰ কথা। তেতিয়া ১৭ মাহে দৰমহা পোৱা নাছিল কৰ্মচাৰীসকলে। যাৰ বাবে জীৱনৰ চৰম সিদ্ধান্তৰ বাবে সাজু হৈছিল জাগীৰোড কাগজ কলৰ কৰ্মচাৰী ইমানুদ্দিন আহমেদ। সুউচ্চ ম'বাইল টাৱাৰত উঠি আত্মহত্যাৰ বাবে উদ্যত হোৱা কাগজ কলৰ কৰ্মচাৰীগৰাকীক আৰক্ষী-সহকৰ্মী আৰু ৰাইজৰ অশেষ প্ৰচেষ্টাৰ অন্তত তললৈ নমাই অনোৱা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/man-tried-to-suicide.jpg)
জীৱনটো সঠিকভাৱে আগবাঢ়িলে অনুভৱ নহয় প্ৰাপ্যৰ বাবে কৰিব লগা হোৱা সংগ্ৰাম। কেতিয়াবা হঠাৎ স্তব্ধ হৈ পৰে দ্ৰুত গতিত আগবঢ়া জীৱন নাও। নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলৰো তেনে এক অৱস্থাই হৈছিল। বন্ধ হৈ যোৱা কাগজ কললৈ এতিয়াও গৈ আছে বহু কৰ্মচাৰী। তেওঁলোকৰ আশা আকৌ এদিন কাৰ্যক্ষম হ'ব নগাঁও কাগজ কলটো।
২ কোটি কৰ্মসংস্থাপনৰ কথা কোৱা চৰকাৰৰ দিনত এনেদৰেই অজস্ৰ লোকে নিজৰ সংস্থাপন হেৰুৱাবলগীয়া হৈছে। নমামী ব্ৰহ্মপুত্ৰ বা নমামী বৰাকৰ দৰে অনুষ্ঠান পাতি ধনৰ শৰাধ পতাই নহয়, মিছা প্ৰতিশ্ৰুতি দিয়াৰ এখন মঞ্চৰহে সৃষ্টি কৰিলে চৰকাৰে। খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই নমামী বৰাকত ২০১৭ চনৰ ১৮ নৱেম্বৰত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ সৈতে উপস্থিত থকা এখন সভাত কৈছিল ৬ মাহৰ ভিতৰত কাগজ কলৰ উৎপাদন আৰম্ভ কৰাৰ কথ। লগতে তেওঁ কৈছিল প্ৰাপ্য দৰমহাও দিয়া হ'ব লোকসকলক। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়েও পাহৰিলে নিজৰ প্ৰতিশ্ৰুতি।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ চনত কাছাৰৰ এখন সভাত ভাগ লৈ প্ৰতিশ্ৰুতি দিছিল কাগজ কল পুনৰ আৰম্ভ কৰাৰ কথা। বিজেপি চৰকাৰ আহিলে পুনৰ কাগজ কলে প্ৰাণ পাই উঠিব বুলি কৈছিল। কিন্তু দিঠকত সেয়া একোৱে নহ'লগৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/bc450916-a240-4d82-9a6d-ff0d57030d33-1-1024x768.jpg)
'The struggle you're in today is developing the strength you need for tomorrow'। এতিয়া এই বাণীয়ে কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে সাহসৰ প্ৰতীক স্বৰূপ। বেটি বচাও, বেটি পঢ়াও অভিযানৰ কথা চৰকাৰ আজি নিমাত। ২০১৫ চনৰ ২২ জানুৱাৰীত 'বেটি বচাও, বেটি পঢ়াও' প্ৰকল্পৰ শুভাৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জানেনে নগাঁও কাগজ কলত পঢ়া-শুনাৰ পৰা খোৱা-বোৱা সকলো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন হোৱা কণ-কণ শিশুৰ পৰা কিশোৰী-যুৱতীসকলৰ কথা। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানেনে এসময়ত নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ আজিৰ অৱস্থা। উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও নিমাত। কাগজ কল পুনৰ আৰম্ভ কৰিব বুলি কোৱা মন্ত্ৰীগৰাকী এতিয়া ঘূৰ নিদ্ৰাত।
এনেকৈয়ে চলিছে দেশ। কোনোবা যদি এসাঁজ খাদ্যৰ পৰা বঞ্চিত হৈছে, আন কোনোৱে পিন্ধিবলৈ এখন কাপোৰো পোৱা নাই। নগাঁও কাগজ কলৰ বহু যুৱতী-মহিলাই নিজৰ এসাঁজ ভাত মোকলাবৰ বাবে অসৎ পন্থা লোৱাৰো অভিযোগ উঠিছে। এগৰাকী মহিলাই কৈছিল, 'বহুতো মহিলাই বৰ্তমান সময়ত টকাৰ বাবেই দেহ ব্যৱসায়তো নামিছে। মাত্ৰ টকাৰ বাবেই নিজকে বিক্ৰী কৰিছে।' ইফালে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ নামত একাংশই চৰকাৰৰ পৰা অহা টকা কেইটাও আত্মসাৎ কৰিছে। এনেদৰেই এতিয়া শেষ হৈ গৈছে কাগজ কলৰ যন্ত্ৰাংশৰ লগতে তাত বাস কৰা লোকসকলৰ জীৱনবোৰ। আশাহত হৈছে হাজাৰ হাজাৰ লোক।
শূণ্যৰ পৰা আকৌ আৰম্ভ হওক জীৱনৰ আখৰা। নতুনত্ব আহক প্ৰতিটো খোজত। এতিয়া এইসকল দুৰ্ভগীয়া লোকৰ সেই আশা। তেওঁলোকে ভাবে ব্যক্তিগত কোম্পানীক গটাই হ'লেও কাগজ কলটো আৰম্ভ কৰিলে নিজৰ প্ৰাপ্য টকাকেইটা পাব। ঘৰখন চলিব। হাঁহি বিৰিঙিব সকলোৰে মুখত। নগাঁও কাগজ কল পুনৰ আৰম্ভ হ'লে বহুতেই সংস্থাপন পাব। কিছু পৰিমাণে হ'লেও হ্ৰাস পাব শিক্ষিত নিবনুৱা।
কাগজ কলটো আৰম্ভ হোৱাৰ লগে লগে আকৌ জ্বলি উঠিব আশাৰ প্ৰদীপ। জীপাল হ'ব উচ্চ শিক্ষা লাভৰ বাবে সেইসকল দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীয়ে পুহি ৰখা সপোন। কোনো লোকে নিজৰ জীৱনটো শেষ কৰিব নিবিচাৰে। জীৱনৰ প্ৰতি কিমান বিৰক্তিৰ জন্ম হ'লে আত্মহত্যাৰ দৰে কোনো পথ বাচি ল'ব পাৰে এজন লোকে। ভাবিবৰ হ'ল এই কথা। এতিয়া সকলোৰে আশা, কাগজ কলৰ কৰ্মচাৰীসকলৰ জীৱনলৈ ভাল দিন আহিব। টোকাত কাৰণ লিখি কোনো লোকে আত্মহত্যা কৰিব লগা নহ'ব…