Advertisment

মধ্যাহ্ন ভোজনৰ চাউল-ভাট্টাক লৈ অনীতি…

মধ্যাহ্ন ভোজনৰ চাউল-ভাট্টাক লৈ অনীতি…

author-image
asomiyapratidin
New Update
মধ্যাহ্ন ভোজনৰ চাউল-ভাট্টাক লৈ অনীতি…

ডিজিটেল সংবাদ, নগাঁও: মধ্যাহ্ন ভোজনৰ নামত বিদ্যালয়সমূহত ব্যাপক অনীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে আবণ্টিত মধ্যাহ্ন ভোজনৰ চাউল বিতৰনৰ নামত বিদ্যালয়ৰ কতৃপক্ষই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। নগাঁৱৰ ম'হখুলিস্থ শ্বহীদ অনিল বৰা সোৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আৰু ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া ভাট্টা প্ৰদানৰ নামতো ব্যাপক অনিয়ম সংঘটিত হৈছে ।

Advertisment

বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত পাচঁ কিলোগ্ৰামকৈ চাউল নিদি কমকৈ চাউল বিতৰন কৰোৱাই ৷ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা চাউল পোকে ধৰাৰো অভিযোগ উঠিছে ৷ ইফালে, শিক্ষা বিভাগে ধাৰ্য কৰা মাহেকীয়া ভাট্টা ২২০টকাৰ পৰিৱৰ্তে ১৫০টকাকৈহে প্ৰদান কৰাৰ অভিযোগ উত্থাপিত কৰিছে অভিভাবকে । এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে এই অভিযোগ অস্বীকাৰ কৰিছে ৷