কৰ্মচাৰীৰ ভৱিষ্যতক লৈ হেতালি খেলি ৩০০ কোটি টকাতেই ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব ৫০০০ কোটি টকীয়া নগাঁও কাগজ কল

কৰ্মচাৰীৰ ভৱিষ্যতক লৈ হেতালি খেলি ৩০০ কোটি টকাতেই ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব ৫০০০ কোটি টকীয়া নগাঁও কাগজ কল

author-image
asomiyapratidin
New Update
কৰ্মচাৰীৰ ভৱিষ্যতক লৈ হেতালি খেলি ৩০০ কোটি টকাতেই ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব ৫০০০ কোটি টকীয়া নগাঁও কাগজ কল

মৃত্যু ঘণ্টা বাজিছে নগাঁও কাগজ কলত। ১৯ মাহে দৰমহা নাই কৰ্মচাৰীসকলৰ। প্ৰতিবাদৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। কিন্তু কোনে শুনে তেওঁলোকৰ প্ৰতিবাদৰ ভাষা? বাচন-বৰ্তন ধুই জীৱন নিৰ্বাহ কৰিছে একাংশ কৰ্মচাৰীয়ে। পাণ দোকান দিছে কোনোৱে। প্ৰকৃতাৰ্থত নগাঁও কাগজ কলৰ ভিতৰচৰাত কেনে আছে কাগজ কলটোৰ কোটি টকীয়া যন্ত্ৰপাতি? কাগজ কলৰ ভিতৰলৈ গৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সাংবাদিক। দিনটো কাগজ কলৰ চৌহদত থাকি কি দেখিলে তেওঁ? পলাশজ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কাগজ কল দুটাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও এই প্ৰতিবাদলৈ পিঠি দি কাগজ কল দুটাৰ ব্যক্তিগতকৰণ কৰিবলৈ চৰকাৰ সাজু হোৱা বুলি খবৰ পোৱাৰ পাছতেই হাহাকাৰ লাগিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ মাজত। ১৯ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকল। চৰকাৰৰ অমনযোগিতাৰ বাবেই হিন্দুস্তান পেপাৰ মিলৰ এই কাগজ কল দুটাৰ ভিতৰচৰা এতিয়া মৰিশালী সদৃশ হৈ পৰিছে। ২০১৬চনৰ পৰাই বন্ধ হৈ আছে এই কাগজ কল দুটা।

উল্লেখযোগ্য যে, কৰ্মচাৰীসকলৰ এনে অৱস্থা পাইছেগৈ যে, বিনা দৰমহাই নগাঁও কাগজ কলতেই ৩৮জন লোকৰ মৃত্যু ঘটিছে। ইয়াৰে এজনে ৰে'লৰ আগত পৰি আৰু আনজনে চীপ লৈ আত্মহত্যা কৰিছে। পূৰ্বতে নগাঁও কাগজ কলত ২২০০ স্থায়ী কৰ্মচাৰী আৰু প্ৰায় ৬০০০-৭০০০ কেজুৱেল কৰ্মচাৰী আছিল। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। চৰকাৰে এই কাগজ কল দুটা কৰ্মচাৰীক আশ্বাস দিছিল যদিও যোৱা ২০১৭চনৰ ১৬ মাৰ্চৰ পৰা বন্ধ হৈ আছে নগাঁও কাগজ কলৰ উৎপাদন। বৰ্তমান এই কাগজ কলৰ ভিতৰচৰাৰ অৱস্থা এয়া।

চাওঁক কিদৰে জহি-খহি গৈছে কাগজ কলৰ ভিতৰচৰাৰ কোটি টকীয়া যন্ত্ৰপাতি। অন্তিম বাৰৰ বাবে এই কাগজ কলটোত উৎপাদন কৰা হৈছিল ২৭৬ মেট্ৰিক টন কাগজ। এসময়ত সুচাৰুৰূপে চলি থকা এই কাগজ কলৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ কাগজ ৰপ্তানি হৈছিল। ২০০৪-২০০৫চনত এই কাগজ কলটোৰ উৎপাদন আছিল ১,০৬,৩০০ মেট্ৰিক টন কাগজ। ২০০৫-২০০৬চনত সেই উৎপাদন আছিল ১,০৬,৪৩৬ মেট্ৰিক টন কাগজ। ২০০৯চনলৈকে নগাঁও কাগজ কলৰ উৎপাদনৰ পৰিমাণ আছিল ১,১০,০০৮ মেট্ৰিক টন।

ৰহস্যজনক কাৰণত লোকচানৰ সন্মুখীন হোৱা এই কাগজ কলটো কেঁচা সামগ্ৰীৰ অভাৱৰ বাবে বন্ধ কৰা বুলি কৰ্তৃপক্ষই জনাইছিল যদিও কাগজকলটোৰ পৰিচালনাত সংঘটিত হৈছিল যথেষ্ট অনিয়ম। তাৰ পৰিণাম এতিয়া ভোগ কৰিছে কাগজ কলটোত কৰ্মৰত কৰ্মচাৰীসকলে। কাগজ কলটোৰ কোটি টকাৰ যন্ত্ৰপাতি নষ্ট হোৱাৰ লগতে চুৰি হৈছে বহু মূল্যবান যন্ত্ৰাংশ।

এই সন্দৰ্ভত ইতিমধ্যে ১৭-১৮খনত কৈ অধিক গোচৰ ৰুজু হৈছে। কৰ্তৃপক্ষৰ নামত এতিয়া কাগজ কলটোত নাই বিশেষ সক্ৰিয়তা। কাগজ কলটোৰ আবাসী অঞ্চলত আজিও বাস কৰে প্ৰায় ৬০০ৰো অধিক লোকে।ইয়াৰে কিছু সংখ্যকে হাজিৰা, পাণ দোকান দি জীৱন  নিৰ্বাহ কৰিব লগা হৈছে।অৱহেলাৰ ফলত কাগজ কলৰ যন্ত্ৰপাতি নষ্ট হোৱাৰ বাবে দৰমহা বাদ দি এই কাগজ কলটো পুনৰ আৰম্ভ কৰিবলৈ এতিয়া প্ৰয়োজন হ'ব ৩০০ৰো অধিক কোটি টকাৰ। ১৯৭৯চনত এই কাগজ কলটো স্থাপন কৰা হৈছিল। তেতিয়া এই কাগজ কলটো স্থাপনত ব্যয় হৈছিল প্ৰায় ৪০০ কোটি টকা। এতিয়া সেই যন্ত্ৰপাতিৰ মূল্য ৩০০০ৰো অধিক কোটি টকাৰ হ'ব।

কাগজ কলটোৰ পৰা উৎপাদিত কাগজ নিবৰ বাবে সংযোগ কৰা হৈছিল ৰে'লৱে লাইন। এই পথেৰে নিয়মিত সৰবৰাহ কৰা হৈছিল কাগজ। এতিয়া কাগজ কলটোৰ চৌহদত পৰি আছে ৰে'লৰ ইঞ্জিন। সেই ইঞ্জিনো জহি-খহি গৈছে।

কাগজ কলটোত আছে ১৭৭৮ বিঘা মাটি। সেই সময়ত প্ৰতি বিঘা মাটিৰ মূল্য আছিল ২২হাজাৰ টকা। কিন্তু বৰ্তমান প্ৰতি কঠা মাটিৰ মূল্য সেই অঞ্চলত হৈছেগৈ ৫ লাখ টকা। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অমনযোগিতাৰ বাবেই এতিয়া কাগজ কলটোৰ ভিতৰচৰা হাবিলৈ পৰিণত হৈছে।

কাগজ কলটোৰ একাংশ কৰ্মচাৰীয়ে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক জানিবলৈ দিয়া মতে, মৃতপ্ৰায় কাগজ কলটোৰ প্ৰায় ২০০ কৰ্মচাৰীয়ে ভি আৰ এছ ল'বৰ বাবেও আবেদন জনাইছে। কিন্তু সেই আবেদন গ্ৰহণ নকৰিলে কৰ্তৃপক্ষই।

দৰমহাৰ পৰা বঞ্চিত হোৱা কৰ্মচাৰীসকলৰ পৰিয়ালে এনে এক দুৰ্বিহ জীৱন কটাইছে যে এই কাগজ কলত প্ৰায় ৩০ বছৰ কাম কৰা ভূপেন শইকীয়া নামৰ কৰ্মচাৰীজনে এতিয়া পাণ দোকান দি জীৱন নিৰ্বাহ কৰিবলগা হৈছে। কিছুদিনৰ পূৰ্বে অসম বিধানসভালৈ গৈ মুখ্যমন্ত্ৰীক তেওঁলোকৰ দুখৰ কথা কৈছিল এই কাগজ কলত কৰ্মৰত এজন কৰ্মচাৰীৰ কন্যাই। মুখ্যমন্ত্ৰী তথা উদ্যোগ মন্ত্ৰীয়ে তেওঁলোকক কাগজ কলটো পুণৰুজ্জীৱিত কৰাৰ আশ্বাস দিছিল যদিও কাৰ্যতঃ এতিয়া এই কাগজ কলটো ব্যক্তিগত খণ্ডক গতাই দিয়াৰহে প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

এক সূত্ৰ অনুসৰি পানীৰ দামত ব্যক্তিগত খণ্ডক এই কাগজ কলটো গতাই দিব চৰকাৰে । এই সন্দৰ্ভত প্ৰস্তুতিও আৰম্ভ কৰিছে। কৰ্মচাৰীসকলে ইয়াৰ তীব্ৰ বিৰোধ কৰি কাগজ কলটো চৰকাৰে উপযুক্ত ধন বিনিময়ৰে পুনৰ উৎপাদনক্ষম কৰিবলৈ দাবী জনাই আহিছে। ৫১ শতাংশ ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰু ৪৯ চৰকাৰী বিনিয়োগেৰে কাগজ কলটো কাৰ্যক্ষম কৰাৰ খবৰো ওলাইছিল যদিও সেয়া আজিও কাৰ্যকৰী নহ'ল।

ইফালে কাগজ কলটোৰ চৌহদত থকা চিকিৎসালয়খনৰ অৱস্থাও জৰাজীৰ্ণ। তিনিজন চিকিৎসকসহ ২৬জন চিকিৎসা কৰ্মীয়ে এই চিকিৎসালয় খনত আছে যদিও তাত নাই কোনো দৰৱ পাতি। দৰমহা নোপোৱাকৈ থকা কৰ্মচাৰীৰ বাবে এতিয়া এলাগী হৈ পৰিছে এই চিকিৎসালয়খন। এই চিকিৎসালয়খনলৈ নাহে কোনো ৰোগী। খালী বিচনা পৰি আছে এনেদৰে।

নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে চৰকাৰৰ এই অমনযোগিতাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাগজ নিগম কৰ্মী সন্থাৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে আক্ষেপ কৰি কয় যে- চৰকাৰে এই কৰ্মচাৰীসকলৰ প্ৰতি কোনো দিনেই চকু মেলি চোৱা নাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্ধ হৈ থকা কাগজ কলটো আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিব বুলি ভবা হৈছিল যদিও, এতিয়ালৈকে তেনে পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে সাধাৰণ সম্পাদকজনে। যোৱা ১৫ আগষ্টত নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে অনশন কাৰ্যসূচীও গ্ৰহণ কৰিছিল। ১৭ আগষ্টত ৰাষ্ট্ৰীয় ঘাইপত অৱৰোধ কৰিছিল তেওঁলোকে।

তাৰ মাজতে ৰাজ্যৰ উদ্যোগ মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে- এই কাগজ কলটো পুণৰুজ্জীৱিত কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিষয়টো নিৰীক্ষণ কৰি আছে। কিন্তু আজিও নাহিল সেই খবৰ।তাৰ মাজতে অৱশ্যে কাগজ কলৰ কৰ্মচাৰীসকলক ৰঙালী বিহুৰ পূৰ্বে তিনি মাহৰ দৰমহা মুকলি কৰি দিছিল। কিন্তু ১৯ মাহে দৰমহা নোপোৱা কৰ্মচাৰীসকলৰ বাবে সেই ধন আছিল তেনেই সামান্য। প্ৰকৃতাৰ্থত নগাঁও কাগজ কলত  এতিয়া মৰিশালী সদৃশ পৰিৱেশ।

কাগজ কলটোৰ কৰ্মচাৰীসকলে এতিয়াও আশা কৰে চৰকাৰে তেওঁলোকৰ আবেদন শুনিব। যথেষ্ট যান্ত্ৰনাৰ মাজত জীৱন নিৰ্বাহ কৰা এই কৰ্মচাৰীসকলে এতিয়া অনিশ্চিত ভৱিষ্যতৰ মাজত জীৱন অতিবাহিত কৰিছে।

সকলোৱে মিলি ৫০০০ কোটিৰো অধিক মূল্যৰ এই কাগজ কলটো ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ সাজু হৈছে চৰকাৰ।কাছাৰ কাগজ কলৰ লগতে নগাঁও কাগজ কলো মাত্ৰ ৭০০ কোটি টকাত তুলি দিব ব্যক্তিগত খণ্ডৰ হাতত। ইয়াৰ ফলত সহস্ৰাধিক কৰ্মচাৰীৰ জীৱন অন্ধকাৰময় হৈ পৰিছে। কাকতত বিজ্ঞাপনো প্ৰকাশ কৰিছে এই সন্দৰ্ভত। ইয়াকে লৈ অধিক শংকিত হৈ পৰিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকল।

ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতেই চন্দ্ৰমোহন পাটোৱাৰীয়ে কাগজ কলৰ কৰ্মচাৰীসকলক আশ্বাস দিছিল- পুনৰ খোলা হ'ব নগাঁও কাগজ কল। সেই আশাত বন্দী হৈ আছিল কাগজ কলটোৰ কৰ্মচাৰীসকল। কেন্দ্ৰীয় চৰকাৰেও ব্যক্তিগত খণ্ডৰ সৈতে লগ হৈ যৌথ খণ্ডত এই কাগজ কলটো উৎপাদনৰ কাম পুনৰ আৰম্ভ কৰিব বুলি ইংগিত দিছিল। কৰ্মচাৰীসকলে ভাবিছিল দুৰ্গাপূজাৰ সময়তে আহিব কিবা ভাল খবৰ। কিন্তু শেহতীয়াকৈ চৰকৰাে লোৱা সিদ্ধান্তই তেওঁলোকৰ শেষ আশাতো পানী ঢালিলে।

(নগাঁও কাগজ কল সন্দৰ্ভত আৰু অধিক প্ৰতিবেদন পৰৱৰ্তী সময়ত।)