নগাঁৱৰ ভূমিকেন্দ্ৰিক সংঘাত, গুৰুতৰভাৱে আহত দুজন...

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত কাজিৰঙাত ভয়ংকৰ ঘটনা। ভুমি বিবাদৰ বাবে দুটা ফৈদৰ মাজত সংঘৰ্ষ। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত কাজিৰঙাত ভয়ংকৰ ঘটনা। ভুমি বিবাদৰ বাবে দুটা ফৈদৰ মাজত সংঘৰ্ষ। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

আলম, নুৰ মোহামদ আৰু হৰজত আলী নামৰ লোক কেইজনে ফাইজু আৰু ৰাজু লগতে দুগৰাকী মহিলাকো চোকা অস্ত্ৰৰে আক্ৰমন কৰাৰ অভিযোগ উত্থাপন হৈছে।ফাইজু আৰু ৰাজু আহামেদক কচুৱা মডেল হস্পিটালত প্ৰাথমিক চিকিৎসা বাবে লৈ যোৱা হয় যদিও অতি সংকটজনক হোৱাত নগাঁও লৈ প্ৰেৰন কৰে।

পূৰ্বৰ পৰা দুয়োটা পৰিয়ালৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত হৈ অহা বুলি জনা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Assam police