নগাঁৱত প্ৰয়াত শিল্পী গুণ মহন্তলৈ শ্ৰদ্ধাঞ্জলি

নগাঁৱত প্ৰয়াত শিল্পী গুণ মহন্তলৈ শ্ৰদ্ধাঞ্জলি

author-image
asomiyapratidin
New Update
নগাঁৱত প্ৰয়াত শিল্পী গুণ মহন্তলৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ মতিৰাম বৰা স্মৃতি উদ্যানত শনিবাৰে সন্ধ্যা আছুৰ উদ্যোগত প্ৰয়াত শিল্পী গুণ মহন্তলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নগাঁও জিলা ছাত্ৰ সন্থা আৰু নগাঁও মহকুমা ছাত্ৰ সন্থাই আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গণ শিল্পী সূৰ্য দাস, সাহিত্যিক ড০ খৰ্গেশ্বৰ ভূঞা, অধ্যাপক চিন্তামনি শৰ্মা, আছুৰ উপ-সভাপতি মণি মাধৱ মহন্ত, সাংবাদিক শৈলেন শইকীয়া, সমাজকৰ্মী মামনি বৰাই।

নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাসে আঁত ধৰা অনুষ্ঠানটিত কেইবাগৰাকী বক্তাই প্ৰয়াত শিল্পী গৰাকীৰ সান্নিধ্য সোঁৱৰণ কৰে। ড০ খৰ্গেশ্বৰ ভূঞাই কয়- 'এনে সহজ সৰল,  প্ৰতিভাসম্পন্ন,সমাজপ্ৰেমী ব্যক্তি বিৰল। তেওঁৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি। মণি মাধৱ মহন্তই কয়,  গুণী শিল্পীগৰাকী আমাৰ জাতীয় সংগ্ৰামখনৰ ঘনিষ্ঠ সহযোগী আছিল। তেওঁ সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল। তেওঁক আকস্মিকভাবে হেৰুৱাই মৰ্মাহত হৈছো।'

অনুষ্ঠানটোত কবি ড০ প্ৰয়াগ শইকীয়া, শিল্পী কৃষ্ণমণি নাথকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য উপস্থিত থাকি প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।