নগাঁৱত ফুটবল ৰেফাৰী পৰীক্ষা…

নগাঁৱত ফুটবল ৰেফাৰী পৰীক্ষা…

ডিজিটেল সংবাদ, নগাঁও: অসম ফুটবলৰ সংস্থাৰ উদ্যোগত আৰু নগাঁও জিলা ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত শনিবাৰে পঞ্চম পৰ্যায়ৰ ৰেফাৰী পৰীক্ষা নগাঁৱত অনুষ্ঠিত হয়। উক্ত পৰীক্ষাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ২৪০ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত ভাগ লয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে অসম ফুটবল সন্থাৰ মুখ্য ৰেফাৰীৰ মুৰব্বী দীপক দে', সভাপতি কমল দত্ত আৰু অহিদুজ জামান, দিব্যজ্যোতি শৰ্মা, বোধ ৰাজ চেত্ৰী , মনোজ পাঠক, নাছিৰ উদ্দিন আহমেদ, বিশ্বজিৎ নাৰ্জাৰী, ৰিজেন বসুমতাৰী আদি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in