Published on :
Updated on :
- নগাঁৱত দুৰ্বৃত্তৰ গুলীচালনাত গুলীবিদ্ধ যুৱক ।
- নগাঁৱৰ পলাশনিত নিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ।
- গুলীবিদ্ধ হৈ আহত হয় ধিঙৰ প্ৰণৱ নাথ নামৰ যুৱকজন ।
- কৰ্মস্থলী ৰূপহীহাটৰ পৰা নগাঁও চহৰৰ অভিমুখে আহি থাকোতেই পলাশনিত এখন মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই বাট আগচি গুলীচালনা কৰে ।
- গুলীচালনাৰ ফলত এটা কোম্পানীত কৰ্মৰত যুৱকজনৰ পেটত গুলী লাগে ।
- বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন গুলীবিদ্ধ যুৱকজন ।
- আহত যুৱকজনৰ পৰা ধন লুটৰ বাবেই দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ ।
- দুই দুৰ্বৃত্তই মটৰচাইকেল লৈ অনুসৰণ কৰিছিল আহত প্ৰণৱ নাথক ৷
- নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।
Asomiya Pratidin
www.asomiyapratidin.in