
ডিজিটেল সংবাদ, নগাঁও: পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন ৷ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হোৱাৰ পিছত আনুষ্ঠানিক ভাবে নগাঁও জিলা প্ৰশাসনে ঘোষনা কৰিছে সাজু হোৱা কথা ৷ জিলা উপায়ুক্ত নিৰ্সগ হিবৰে গৌতমে বুধবাৰে বিয়লি এক সংবাদ মেল সম্বোধন কৰি কয় যে- নগাঁও পৌৰসভা , ধিঙ , ৰহা আৰু কামপুৰৰ বাবে প্ৰশাসন সাজু ৷ নগাঁও পৌৰসভাত ২৬ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন হ'ব ৷ ধিঙত ১০ টা , ৰহাত ১০ টা আৰু কামপুৰত ১০ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব ৷
নগাঁও পৌৰসভাত ১০০২৪৩ জন ভোটাৰ , ধিঙত ১৫৭১৫ জন , ৰহাত ৯৬৬৯ জন আৰু কামপুৰত ৮৬৩৬ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ চাৰিও খন পৌৰসভা আৰু নগৰ সমিতিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১৩৪২৬৩ জন ৷ ইয়াৰে মহিলা ভোটৰ হৈছে ৬৮৪৩৪ গৰাকী আৰু পুৰুষ ভোটাৰ হৈছে ৬৫৮২৯ জন ৷ নগাঁৱত মুঠ ভোট কেন্দ্ৰ আছে ১২২ টা , ধিঙত ১৯ টা , ৰহাত ১২ টা আৰু কামপুৰত ১১ টা ভোট কেন্দ্ৰ ৷ সৰ্বমুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ১৬৪ টা ৷
নগাঁও পৌৰসভাৰ ২৬ টা ৱাৰ্ডৰ ১২ ৱাৰ্ড মুকলি থাকিব ৷ মহিলাৰ বাবে ১২ টা সংৰক্ষিত ৷ ১ টা এছ চিৰ বাবে আৰু ১ টা মহিলা এছ চিৰ বাবে সংৰক্ষিত ৷ ধিঙৰ ১০ টা ৱাৰ্ডৰ ৪টা মুকলি থকাৰ বিপৰিতে ৫ টা মহিলাৰ বাবে আৰু ১টা এছ চিৰ বাবে সংৰক্ষিত ৷ কামপুৰৰ ৪ টা মুকলি থকাৰ বিপৰিতে মহিলাৰ বাবে ৫ টা আৰু ১ টা এছ চিৰ বাবে সংৰক্ষিত ৷ ৰহাৰ ১টা ৱাৰ্ড মুকলি থকাৰ বিপৰিতে ২ টা এছ চি , ২টা এছ টি , ৩ টা মহিলা , ১ টা মহিলা এছ চি আৰু ১ টা মহিলা এছ টিৰ বাবে সংৰক্ষিত ৷ চাৰিও স্থানত মুঠ ৱাৰ্ডৰ সংখ্যা ৫৬ টা ৷ এছ চি ৫ , এছ টি ২ , মহিলা ২৫ , এছ চি মহিলা ২ , এছ টি মহিলা ১ , আৰু মুকলি ২১ ৱাৰ্ড আছে ৷