/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/agrani-batory.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ খুটিকটিয়াত শোঁকাবহ ঘটনা ৷ উৎকট গৰমত কলং সূঁতিত গা ধুবলৈ গৈ মৃত্যুক সাৱতিলে এজন যুবকে ৷ দুই বন্ধুৰ লগত কলঙত গা ধুবলৈ গৈছিল দীপক শৰ্মা নামৰ যুৱকজনে ৷ গা ধুবলৈ তিনি বন্ধু কলঙৰ পানীত ঠিকেই নামিল যদিও দীপক কলঙৰ বুকুত ডুব যায় ৷
লগৰ দুই বন্ধুয়ে দীপকক স্থানীয় লোকৰ সহযোগত পানীৰ পৰা উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে ৷ কিন্তু চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক ৷ যুৱকজনৰ এই মৃত্যুত শোঁকৰ ছাঁ পৰিছে খুটিকটীয়া অঞ্চলত ৷
আৰু পঢ়ক : নগাঁৱত প্ৰয়াত আলোকচিত্ৰ শিল্পী পাৰ্থসাৰথি বৰুৱাৰ স্মৃতিচাৰণ সভা…