/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nah.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা উপায়ুক্তক বদলি কৰা হৈছে ৷ নগাঁও জিলা উপায়ুক্ত হিচাপে কাৰ্যনিবাহ কৰা হেভৰে নিসৰ্গ গৌতমক বদলি কৰা হৈছে হাইলাকান্দিলৈ ৷
আই এ এছ বিষয়া নিসৰ্গ গৌতমক হাইলাকান্দিলৈ বদলি কৰি নৰেন্দ্ৰ কুমাৰ সাহক নগাঁও অনা হৈছে ৷ চিৰাং জিলাৰ উপায়ুক্ত হিচাপে নৰেন্দ্ৰ কুমাৰ সাহে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ সাহ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ সচিবৰ দায়িত্বটো আছিল ৷
উল্লেখ্য এই যে আই এ এছ বিষয়া হেভৰে নিসৰ্গ গৌতমৰ কাম কাজক লৈ অসন্তুষ্ট আছিল স্বয়ং মুখ্যমন্ত্ৰী ৷ ৰাজ্যৰ ভিতৰতে গুৰুত্ব পূৰ্ণ নগাঁও জিলা প্ৰশাসন সুচাৰু ভাবে পৰিচালনাত ব্যৰ্থ হৈছিল আই এ এছ বিষয়াজন ৷ দুজনমান এ চি এছ বিষয়াক জিলা প্ৰশাসনৰ দায়িত্ব পৰিচালনাৰ গুৰু দায়িত্ব অৰ্পন কৰাক লৈ সৃষ্টি হৈছিল অৰাজকতা ৷ আনকি দুটিকৈ প্ৰলংকাৰি বানে বিধস্ত কৰা নগাঁও পৰিস্থিতি মোকাবিলা কৰাত ব্যৰ্থ হৈছিল আই এ এছ বিষয়া জন ৷
আৰু পঢ়ক : আজি গুৱাহাটী পাবহি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বেলত বাকচ…