নগাঁও বিজেপিত সংঘাত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ , নগাঁও : বিজেপিৰ নেতৃত্বাধীন নগাঁও জিলা পৰিষদত অথন্তৰ ৷ পৰিষদৰ সভানেত্ৰী মুন মণি দাস বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল ৷ অনাস্থা উস্থাপনৰ পিছতে নগাঁৱৰ বিজেপি শিবিৰত লাগিছে হাহাকাৰ ৷ বুধবাৰে নিশা বিদ্ৰোহী পৰিষদৰ একাংশ সদস্য সদস্যাই নগাঁও জিলা উপায়ুক্তৰ হাতত অনাস্থা প্ৰকাশ কৰি লিখিত পত্ৰ প্ৰদান কৰে ৷

সভানেত্ৰী মুন মণি দাস বৰাৰ বিৰোধে অনাস্থা অনাৰ পিছত নগাঁও জিলা পৰিষদত হাহাকাৰ লাগিছে ৷ বিশেষকৈ বিদ্ৰোহী পৰিষদৰ সদস্য সদস্যা সকলে সভানেত্ৰী মুন মণি দাস বৰাক অপসাৰন কৰোৱাই ২৩ নং চামগুৰিৰ ৰীতা কাকতী বৰাক সভানেত্ৰীৰ পদত বহুৱাব বিছাৰিছে ৷ পৰিষদলৈ আবন্টিত ১৪.৮৪ কোটি টকাক লৈয়ে সৃষ্টি হৈছে সংঘাত ৷ অনাস্থা পত্ৰত ২০ জন নিৰ্বাচিত সদস্য-সদস্যাই স্বাক্ষৰ কৰা বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in