/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/bisitra-dhmjiaaalallalabalillegel-wood-kridhna-mahapanchayat-copy.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ এসময়ৰ জনপ্ৰিয় সাংবাদিক তথা শিক্ষক বিচিত্ৰ নাৰায়ণ বৰা সোমবাৰে নিশা ৮.৪৫ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত পোষ্ট কোভিড জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। 'আজিৰ অসম' কাকতৰ পৰা সাংবাদিকতা জীৱন আৰম্ভ কৰা বিচিত্ৰ নাৰায়ণ বৰাই ১৯৯৮চনৰ পৰা ২০০০চন পৰ্যন্ত অসমীয়া প্ৰতিদিনত পুৰণিগুডামৰ পৰা কাকতখনৰ হৈ সাংবাদিকতা কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ সাংবাদিকতা ত্যাগ কৰে যদিও নগাঁৱৰ সাংবাদিকসকলৰ মাজত তেওঁ আছিল জনপ্ৰিয়।
কিছুদিন পূৰ্বে কোৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত ঘৰলৈ উভতি যোৱা বিচিত্ৰ নাৰায়ণ বৰাই শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ লগতে তেজত হিমগ্ল'বিনৰ পৰিমান দ্ৰুতভাৱে হ্ৰাস পোৱাৰ কাৰণে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালখনতে তেওঁৰ আজি নিশা মৃত্যু হয়। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে নগাঁও প্ৰেছ ক্লাৱত জন্মাষ্টমী উপলক্ষে আয়োজন কৰা অনুষ্ঠান বাতিল কৰি সাংবাদিকসকল চিকিৎসালয়ত সমবেত হয় আৰু তেওঁৰ নশ্বৰ দেহ বাসভৱনলৈ লৈ যায়। পত্নী, সন্তানকে ধৰি বহু আত্মীয়ক এৰি থৈ যোৱা প্ৰাক্তন সাংবাদিক-শিক্ষক গৰাকীৰ মৃত্যুত পুৰণিগুদামত শোকৰ ছাঁ পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us