New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/Nagaon-Paper-Mill.jpg)
- কাগজ কল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় নেশ্যনেল কোম্পানী ল' এপিলেড ট্ৰিবিউনেল (NCLAT)ৰ।
- কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব নোৱাৰিব অসমৰ ২ কাগজকল।
- ব্যক্তিগতখণ্ডক অৰ্পণৰ প্ৰসংগ উত্থাপনৰ পাছতেই কাচাৰ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ ইউনিউন কাষ চাপিছিল NCLATৰ।
- যোৱা ২ মে' তাৰিখে নগাঁও আৰু কাছাৰ কাগজ কল চৰকাৰে নিলাম কৰিবলৈ লোৱা কাৰ্যক প্ৰত্যাহ্বান জনাই কাগাছ পেপাৰ প্ৰজেক্ট ৱৰ্কাৰ্ছ ইউনিউনে এন চি এল এ টিৰ ওচৰত আবেদন জনাইছিল।
- সেই আৱেদন অনুযায়ী বুধবাৰে ন্যায়াধীশ এছ জে মুখোপাধ্যায়, এ আই এছ চিমা আৰু কান্ঠী নাৰাহৰিৰে গঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণৰ অন্তত কাগজ কল দুটা নিলাম অ্থবা বন্ধ কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে।
- লগতে কাগজকল দুটাৰ বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা যাতে বৰ্খাস্ত কৰা নহয় আৰু অতি শীঘ্ৰে তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিয়া হয় তাৰো নিৰ্দেশনা জাৰি কৰিছে।
- বিচাৰপীঠখনে দিয়া নিৰ্দেশনাত এই কথাও কোৱা হয় যে- চৰকাৰে কাগজ কল দুটা কোনো কাৰণত নিলাম কৰিব নোৱাৰিব।
- তেনে পৰিস্থিতিৰ সৃৃষ্টি হ'লেও বিষয়া-কৰ্মচাৰীৰ সৈতে কোম্পানীলৈ হস্তান্তৰহে কৰিব পাৰিব।
- এনে পৰিস্থিতিত লিকুইডেটৰ কুলদীপ বাৰ্মা কাগজ কল দুটা পুনৰ উদ্ধাৰ আৰু বিষয়া-কৰ্মচাৰীয়ে পাবলগীয়া দৰমহাৰ ভাত্তা তথা বিধিসন্মত বকেয়া ধন আদায় দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিবৰ বাবেও নিৰ্দেশ দিয়ে।