নাগালেণ্ডত তিনিখন নতুন জিলা ঘোষণা নেইফিউ ৰিঅ’ৰ চৰকাৰৰ…

নাগালেণ্ডত তিনিখন নতুন জিলা ঘোষণা নেইফিউ ৰিঅ’ৰ চৰকাৰৰ…

author-image
asomiyapratidin
New Update
নাগালেণ্ডত তিনিখন নতুন জিলা ঘোষণা নেইফিউ ৰিঅ’ৰ চৰকাৰৰ…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ম'ন জিলাৰ অটিঙৰ চৌধ্য গৰাকীকৈ নিৰীহৰ হত্যাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা নগা জনতাক শান্ত কৰিবলৈ এইবাৰ নতুন কৌশল অৱলম্বন কৰিছে নেইফিউ ৰিঅ'ৰ আৰু বিজেপি মিত্ৰজোঁট চৰকাৰে। সেনাৰ গণহত্যাৰ বিৰুদ্ধে নগা ৰাইজৰ ক্ষোভ দিনকদিনে বৃদ্ধি পাবলৈ লোৱাৰ সময়তে আজি নাগালেণ্ড চৰকাৰে ৰেংমা জনগোষ্ঠীৰ নগাসকলৰ দীৰ্ঘদিনীয়া দাবী হঠাতে মানি লৈ তিনিখন কৈ নতুন জিলা গঠনৰ কথা ঘোষণা কৰিছে ।

দেওবাৰে ক'হিমাত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত ক'হিমা জিলাক ভাগ কৰি টচেমিনিউ জিলা আৰু ডিমাপুৰ জিলাক ভাগ কৰি নিউলেণ্ড আৰু ছুমুকেডিমাক জিলা হিচাপে ঘোষণা কৰে। ৰাজ্য চৰকাৰৰ এই ঘোষণাক নাগালেণ্ডৰ ৰেংমা জনগোষ্ঠীৰ নগাসকলৰ আনন্দ প্ৰকাশ কৰিছে । ইফালে, নাগালেণ্ডৰ বাণিজ্যিক ৰাজধানী ডিমাপুৰ জিলাক জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি নিউলেণ্ড আৰু ছুমুকেডিমাক নতুন জিলা হিচাপে সৃষ্টি কৰা হৈছে । এতিয়াৰ টচেমিনিউ ত্ৰয়োদশ নিউলেণ্ড চতুৰ্দশ আৰু ছুমুকেডিমা নাগালেণ্ডৰ পঞ্চদশ জিলা হিচাপে পৰিগণিত হয় ।