নাগালেণ্ডত ২ বিদ্ৰোহী এনএছচিএন ইউনিফিকেচন আৰু নিক্কি চুমী গোটৰ মাজত সংৰ্ঘষ, নিহত এজন কেডাৰ…

নাগালেণ্ডত ২ বিদ্ৰোহী এনএছচিএন ইউনিফিকেচন আৰু নিক্কি চুমী গোটৰ মাজত সংৰ্ঘষ, নিহত এজন কেডাৰ…

author-image
asomiyapratidin
New Update
নাগালেণ্ডত ২ বিদ্ৰোহী এনএছচিএন ইউনিফিকেচন আৰু নিক্কি চুমী গোটৰ মাজত সংৰ্ঘষ, নিহত এজন কেডাৰ…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডত দেওবাৰে মাজনিশা এটা ডেজিগনেটে কেম্পৰ সমীপত দুই বিদ্ৰোহী গোটৰ মাজত হোৱা সংঘৰ্ষত নিক্কি চুমী গোটৰ এগৰাকী শীৰ্ষনেতা নিহত হয়। জানিব পৰামতে দেওবাৰে মাজনিশা পেৰেন জিলাৰ খেহইত থকা এন এছ চি এন ইউনিফিকেচন গোটৰ ডেজিগনেটে কেম্পৰ সমীপত ভাৰত চৰকাৰৰ সৈতে সদ্য যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰা এন এছ চি এন খাপলাঙৰ নিক্কি চুমী গোটৰ সৈতে মুখামুখি সংৰ্ঘষ হয় ।

এই সংঘৰ্ষত নিক্কি চুমী গোটৰ এগৰাকী শীৰ্ষনেতা তথা সংগঠনটোৰ অতিৰিক্ত সচিব অটোকা কিনিমি নিহত হয় । সংঘৰ্ষৰ সন্দৰ্ভত এন এছ চি এন ইউনিফিকেচন গোটে কৈছে যে এন এছ চি এনৰ নিক্কি চুমী গোটৰ নেতাজনে অন্য তিনি গৰাকী সদস্যক লৈ সোমবাৰে মাজনিশা খেহইত থকা ডেজিগনেটে শিবিৰ লৈ পূৰ্বে অপহৰণ কৰি অনা তেওঁলোকৰ সংগঠন কেডাৰক নিবলৈ আহিছিল । এই খবৰ লাভ কৰা পিছতে ইউনিফিকেচন গোটৰ কিছু কেডাৰে কেম্প পোৱাৰ পূৰ্বে গাড়ীখন ৰ'বলৈ নিৰ্দেশ দিয়ে ।

কিন্তু গাড়ীৰ পৰা নামিয়ে নিক্কি চুমী গোটে তেওঁলোকলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিবলৈ ধৰাত ইউনিফিকেচন গোটেও ওলোটা গুলী চলায় । ফলত নিক্কি চুমী গোটৰ শীৰ্ষ নেতা নিহত হয় লগতে তাৰে দুজন সদস্যই পলায়ন কৰে আৰু এজনক গ্ৰেপ্তাৰ কৰে । জানিব পৰামতে এন এছ চি এন ইউনিফিকেচন গোটে কিছুদিনৰ পূৰ্বে নিক্কি চুমী গোটৰ দহ গৰাকী কেডাৰক অপহৰণ কৰি নি বলপূৰ্বক চহী কৰাই তেওঁলোকৰ সংগঠনত চামিল কৰিব খুজিছিল। কিন্তু নিক্কি চুমী গোটৰ সদস্য কেইজনে ইউনিফিকেচন গোট চামিল হবলৈ অমান্তি হৈ তেওঁলোকৰ শীৰ্ষনেতাক এনেদৰে মাতি পঠাইছিল । ইফালে দুই বিদ্ৰোহী গোটৰ মাজত সংঘটিত এই ঘটনাৰ পিছতে পেৰেন জিলাত উত্তেজনা অব্যাহত আছে ।