অগ্নিগৰ্ভা ম’ন জিলাত ক্ষুব্ধ জনতাৰ আছাম ৰাইফলছৰ চকী আক্ৰমণ…

অগ্নিগৰ্ভা ম’ন জিলাত ক্ষুব্ধ জনতাৰ আছাম ৰাইফলছৰ চকী আক্ৰমণ…

author-image
asomiyapratidin
New Update
অগ্নিগৰ্ভা ম’ন জিলাত ক্ষুব্ধ জনতাৰ আছাম ৰাইফলছৰ চকী আক্ৰমণ…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ম'ন জিলাৰ তিৰু গাঁৱৰ সেনাৰ গণহত্যাৰ ঘটনাই দেওবাৰে হিংসাত্মক ৰূপ লৈ প্ৰতিবাদী জনতাই আছাম ৰাইফলছ চকীত আক্ৰমণ কৰি অগ্নি সংযোগ কৰাত পৰিস্থিতি অধিক অৱনতি ঘটে। শেহতীয়া খবৰ অনুসৰি সেনাৰ গুলীত পুনৰ দুজন লোক নিহত হৈছে । উল্লেখযোগ্য যে সেনাৰ নিৰ্বিচাৰ গুলীবৰ্ষণ ১৬ জন লোকৰ মৃত্যুদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰাজহুৱাকৈ বিয়লি ২ বজাত সমাধিস্থ কৰিব বাবে অটিঙ গাঁওবাসী অপেক্ষা কৰিছিল । কিন্তু প্ৰশাসনে মৃতদেহ সমূহ পৰিয়ালক গতাই দিয়াত পলম হোৱা প্ৰায় ২০০ মান ক্ষুব্ধ জনতাই ম'নত থকা কন্যাক ইউনিয়নৰ কাৰ্যালয়ত উপস্থিত হৈ এফালৰ পৰা সা-সম্পত্তি লণ্ড-ভণ্ড কৰে ।

Advertisment

ওচৰত কেইবাটাও ঘৰ জ্বলাই দিয়ে জনতাই । ইয়াৰ পিছত প্ৰতিবাদীকাৰীসকলে ওচৰত থকা আছাম ৰাইফলছৰ চকীৰ ঘেৰাও কৰি আক্ৰমণ কৰি জ্বলাই দিয়ে । লগতে শ শ ক্ষুব্ধ জনতাই আছাম ৰাইফলছ চকীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে । প্ৰতিবাদীকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আছাম ৰাইফলছৰ জোৱানে শূন্যলৈ প্ৰায় কেইবাঘণ্টা ধৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে । এই গুলীবৰ্ষণ পুনৰ দুগৰাকী প্ৰতিবাদকাৰী নিহত হৈছে । সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণত ম'ন জিলাত আতংক বিয়পি পৰে । জানিব পৰামতে এই হিংসাই ইতিমধ্যে টুৱেঙচাঙ জিলা লৈ বিয়পি পৰিছে ।

ইফালে বিয়লি হঠাৎ এনেদৰে ম'ন জিলাৰ আইন – শৃংখলা অৱনতি ঘটাত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ"ৱে দিল্লী ভ্ৰমণ বাতিল কৰি বিশেষ বিমানেৰে ডিমাপুৰলৈ উভতি আহিছে । জানিব পৰামতে ৰাজ্যৰ অগ্নিগৰ্ভা পৰিস্থিতি আৰু আইন – শৃংখলা সন্দৰ্ভত পৰ্যালোচনা বাবে নিশা এক কেবিনেট বৈঠকত আয়োজন কৰিছে । দেওবাৰে সন্ধিয়া ৰাজধানী ক'হিমাৰ হৰ্নবিল উৎসৱ স্থলী পৰা কন্যাক ইউনিয়নৰ আৰু কন্যাক জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে ভাৰতীয় সেনাৰ তিৰু গণহত্যাৰ প্ৰতিবাদ কেইবা কিলোমিটাৰ জোৰা কেণ্ডেল মাৰ্চ উলিয়ায় ।

ডিমাপুৰৰ চহৰতো তিৰু গণহত্যাৰ প্ৰতিবাদ জনাই নাগা ষ্টুডেণ্ট ফেডাৰেচনে তীব্ৰ গৰিহণা দিয়াৰ লগতে মৃত্যুকক সন্মান জনাই সংগঠনৰ পতাকা অৰ্ধনমিত কৰি ৰাখিছে। আনহাতে নাগালেণ্ডৰ বিভিন্ন জনজাতি সংগঠনৰ হাজাৰ হাজাৰ যুৱকে হাতে হাতে বেনাৰ পষ্টাৰ লৈ নিৰীহ জনতাক হত্যা কৰা ইণ্ডিয়ান আৰ্মি গ বেক । উই ৱাণ্ট জাষ্টিচ । উই ডণ্ট টলেৰেট ইণ্ডিয়ান আৰ্মি ইনচেন পিপল কিলিঙ শ্লোগানেৰে ডিমাপুৰ উত্তাল কৰি তোলে ।

শেহতীয়া খবৰ মতে নাগালেণ্ডৰ টুৱেঙচাঙ চহৰতো প্ৰতিবাদী জনতাই কিছু সময় পূৰ্বে ট্ৰেফিক পইণ্ট জ্বলাই দিছে । সেনাৰ এনে অমানবীয় ঘটনাৰ প্ৰতিবাদত মোককচাঙ জিলাৰ আও ছেদেন সংগঠনটোৱে সোমবাৰে পুৱা ৬ বজাৰ দুপৰীয়া ১২ বজালৈ মোককচাঙ জিলাৰ বন্ধ আহবান জনাইছে । ইফালে কাইলৈ তিৰুত সেনা গুলিত নিহত ১৫ গৰাকী লোকসকলৰ সামূহিক অন্ত্যষ্টিক্ৰিয়া অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী ৱাই পাট্টনে ।