/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/nagagaland.jpg)
ডিজিটেল ডেস্কঃ নগালেণ্ড চৰকাৰে AFSPA আইন প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জনাব আৱেদন। নগালেণ্ড কেবিনেটে এই সিদ্ধান্ত মঙলবৈৰে এক জৰুৰী বৈঠকৰ সময়ত গ্ৰহণ কৰে। নগালেণ্ডৰ ম'ন জিলাত সংঘটিত ঘটনাৰ পাছতে য'ত ১৪জনকৈ নীৰিহ লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল তাৰপাছতে ৰাজ্যখনৰ চৰকাৰে লৈছে এই সিদ্ধান্ত।
নগালেণ্ড চৰকাৰে হৰ্ণবিল উৎসৱ বন্ধ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। ১০ দিন ধৰি উদযাপিত এই উৎসৱৰ আজি অষ্টমটো দিন। এই হৰ্ণবিল উৎসৱলৈ দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটক আহে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই সোমবাৰে কৈছিল যে- AFSPA আইন আঁতৰাব লাগে। কিয়নো এই আইন ৰাজ্যখনত অশান্তিৰ কাৰণ হৈ পৰিছে।