নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, জগদীশ মুখীক অতিৰিক্ত দায়িত্বঃ নগা শান্তি আলোচনাত ইতিবাচক পৰিৱৰ্তনৰ আশা

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, জগদীশ মুখীক অতিৰিক্ত দায়িত্বঃ নগা শান্তি আলোচনাত ইতিবাচক পৰিৱৰ্তনৰ আশা

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি, জগদীশ মুখীক অতিৰিক্ত দায়িত্বঃ নগা শান্তি আলোচনাত ইতিবাচক পৰিৱৰ্তনৰ আশা

ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক কেন্দ্ৰই বৃহস্পতিবাৰে তামিলনাডুৰ ৰাজ্যপাল হিচাবে বদলি কৰিছে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য ২০১৯ চনত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা আৰ এন ৰবি ১৯৭৬ চনৰ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল ।

Advertisment

২০১৪ চনত মোডী চৰকাৰে তেওঁক ভাৰতীয় চোৰাংচোৱা সমিতিৰ অধ্যক্ষ হিচাবে নিযুক্তি দিয়ে। পৰৱৰ্তী সময়ত তেওঁ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰে হোৱা নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী হিচাবে নিযুক্ত হয়। আৰ এন ৰবিৰ প্ৰচেষ্টাতে ২০১৫ চনৰ ৩ আগষ্টত এন এছ চি এন ইছাক মুইভা গোটৰ সৈতে ঐতিহাসিক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰিত হয় । আনহাতে ২০১৭ চনত নাগা নেচনেল পলিটিকেল গ্ৰুপ আৰু ৱৰ্কিঙ সমিতিৰ সৈতে এগ্ৰি পইণ্ট চুক্তি স্বাক্ষৰ কৰি নগা সমস্যাৰ সমাধান বহু দূৰ আগুৱাই নিছিল ।

পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ দ্ৰুত সহায়ক হ'ব বুলি আৰ এন ৰবিক ২০১৯ চনত নাগালেণ্ডৰ ৰাজ্যপাল হিচাবে নিযুক্তি দিয়ে । ২০১৯ চনৰ ৩১ অক্টোবৰ দিনটো নগা চূড়ান্ত চুক্তি স্বাক্ষৰ অন্তিম দিন আৰু নাগালিমৰ বাবে সুকীয়া পতাকা আৰু সংবিধানৰ বিষয় দুটা সম্পূৰ্ণ নাকচ কৰাত আৰু ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ শব্দৰ সা সলনি কৰা বুলি বিতৰ্ক সৃষ্টি হোৱাত এন এছ চি এন আই এমৰ সৈতে আৰ এন ৰবিৰ সংঘাত বৃদ্ধি পায়।

ফলত এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাই ৰবিক মধ্যস্ততাকাৰী হিচাবে গ্ৰহণ কৰাত অসন্তুষ্ট প্ৰকাশ কৰি ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে আৰু নতুন মধ্যস্ততাকাৰী নিয়োগ কৰিবলৈ অনুৰোধ জনায়। যাৰ পৰিপ্ৰেক্ষিতত নগা চূড়ান্ত শান্তি চুক্তিত স্বাক্ষৰৰ অন্তিম পৰ্যায়ত উপনিত হৈয়ো বিলম্ব হ'ব লগা। বিগত কিছু সময়ৰ পৰা এন এছ চি এন আই এম আৰু নগা শান্তি আলোচনা স্থবিৰ হৈ পৰাত মধ্যস্ততাকাৰী তথা ৰাজ্যপাল আৰ এন ৰবিৰ মাজত দূৰত্ব বৃদ্ধি পায়। ৰবিৰ বদলিৰ পিছত নগা শান্তি আলোচনা ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব বুলি সকলোৱে ধাৰণা কৰিছে।