নাগালেণ্ডৰ দৈয়াং নদীত সলিল সমাধি ঘটা ২ নগা যুৱকৰ মৃতদেহ উদ্ধাৰ

নাগালেণ্ডৰ দৈয়াং নদীত সলিল সমাধি ঘটা ২ নগা যুৱকৰ মৃতদেহ উদ্ধাৰ

author-image
asomiyapratidin
New Update
নাগালেণ্ডৰ দৈয়াং নদীত সলিল সমাধি ঘটা ২ নগা যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ৱাখা জিলাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ নিম্নাংশত বৃদ্ধি পোৱা বাঢ়নী পানীত সললি সমাধি ঘটনা দুজন নগা যুৱকৰ মৃতদেহ দেওবাৰে এছ ডি আৰ এফে উদ্ধাৰ কৰিছে। ৱাখাৰ মকুমাধিপতি ছমেনথাঙ ইজঙে জানিবলৈ দিয়া মতে যোৱা শুকুৰবাৰে চাইনিজ বস্তিৰ ৪ গৰাকী যুৱকে নদীৰ পাৰত থকাৰ সময়তে তাৰে দুজন যুৱক হঠাৎ নদীত পৰি যায়।

এই খবৰ বিয়পি পৰাৰ লগে লগে ৱাখা জিলা প্ৰশাসনে যুৱক দুজনক উদ্ধাৰ বাবে এছ ডি আৰ এফক জৰুৰী নিৰ্দেশ দিয়ে। সম্পূৰ্ণ এটা দিনৰ পিছত দেওবাৰে এছ ডি আৰ এফে দৈয়াং নদীত অভিযান চলাই মৃতদেহ দুটা এনেদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰৰ পিছতে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক ৱাখা জিলাৰ প্ৰশাসন গতাই দিয়ে।