/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/nagaland-corona-positive-patient-cured-and-sent-to-home.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ডিমাপুৰৰ প্ৰথম আৰু একমাত্ৰ কোৰোনা ৰোগী গৰাকীক সম্পূৰ্ণ চিকিৎসাৰ অন্তত শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা যাবলৈ দিয়া হৈছে।নাগালেণ্ডৰ কোভিড-১৯ত আক্ৰান্ত নাগালেণ্ডৰ ডিমাপুৰৰ মাৰোৱাৰী পট্টীৰ যুৱকজনক দুদিনৰ পূৰ্বে কৰা চতুৰ্থটো নমুনা পৰীক্ষাত নিগেটিভ পোৱাৰ পিছত তেওঁক শুকুৰবাৰে জিএমচিএইচৰ কোভিড চিকিৎসালয়ৰ কৰ্তৃপক্ষই ঘৰলৈ যাবলৈ অনুমতি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/67da47d3-f154-45d7-80fe-238ce0890daa-1.jpg)
ৰোগীৰ পিতৃয়ে প্ৰকাশ কৰা মতে কোৱাৰেন্টাইনৰ ম্যাদ সম্পূৰ্ণ কৰাৰ পিছত ৰোগীৰ স্বাস্থ্য উন্নত হোৱাত তেওঁ কোৰোনামুক্ত বুলি পৰীক্ষাত প্ৰমাণিত হয়। উল্লেখযোগ্য যে, ডিমাপুৰৰ মাৰোৱাৰী পট্টীৰ যুৱকজনে কলিকতাৰ পৰা অহাৰ পিছত বেমাৰ হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰৰ পৰা গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু তাতে নমুনা পৰীক্ষাত যুৱকজনৰ কোভিড-১৯ পজিটিভ বুলি ধৰা পৰে।
ইয়াৰ পিছতে গোটেই পৰিয়ালটো কোৱাৰেন্টাইন কৰা হয় যদিও আজি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয়। ইফালে নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী পাঙনিউ ফমে কয়- একমাত্ৰ ৰোগীজন কোভিড মুক্ত হোৱাৰ পিছত নাগালেণ্ডৰ এঘাৰখন জিলা গ্ৰীণ মণ্ডলত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে ৰাজ্য চৰকাৰে ডিমাপুৰৰ মাৰোৱাৰী পট্টী, জিএছ ৰোড মুৰ্গী পট্টী আৰু ঘোঁৰা পট্টী অঞ্চল ছীল কৰি ৰাখিছে।