নাগালেণ্ড নিৰ্বাচনঃ ৬০ খন আসনৰ ২০ খনত হে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে…

নাগালেণ্ড নিৰ্বাচনঃ ৬০ খন আসনৰ ২০ খনত হে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে…

author-image
asomiyapratidin
New Update
নাগালেণ্ড নিৰ্বাচনঃ ৬০ খন আসনৰ ২০ খনত হে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে…

ডিজিটেল সংবাদ ডিমাপুৰঃ এন ডি পি পি আৰু বিজেপিয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনত মিত্ৰতা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দল দুটায়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৪০ঃ২০ ব্যৱধানত আসন ভাগ বতৰা কৰিব। এন ডি পি পিয়ে মুঠ আসনৰ ৪০ খন আসন বিজেপিয়ে ২০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব।

Advertisment

দল দুটায়ে আটাইকেইটা সমষ্টিতে মিত্ৰতা অব্যাহত ৰাখিব। এই সন্দৰ্ভত এন ডি পি পিৰ মুখ্য সম্পাদক আবু মেথা আৰু বিজেপিৰ নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া নলিন কোহলীয়ে এক যুটীয়া বিবৃতি প্ৰকাশ কৰিছে। এই সিদ্ধান্তক বিজেপি সভাপতি জে পি নড্ডা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফউ ৰিঅ'য়ে সমৰ্থন আগবঢ়াইছে।

আনহাতে নিৰ্বাচনৰ পূৰ্বে কোন কেইটা সমষ্টিত কোন কোন দলে প্ৰাৰ্থীত্ব আগবঢ়াব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে তথা আসন নিৰ্ধাৰণৰ বাবে এখন সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। এই কমিটীয়েই নিৰ্বাচনী ৰণনীতিও প্ৰস্তুত কৰিব। যুটীয়া বিবৃতিটোত কোৱা হৈছে যে, ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ দূৰদৰ্শী নেতৃত্বত নাগালেণ্ডত এনডিপিপি-বিজেপি মিত্ৰজোঁট গঠন কৰা হৈছিল।

২০১৮ চনত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলৰ মাজত আসন ভাগ-বতৰাৰ বুজাবুজিৰ অধীনত, এন ডি পি পিয়ে ৪০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু বিজেপিয়ে ২০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছিল। ২২ ফেব্ৰুৱাৰী, ২০১৮ত টুয়েনচাঙত প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল।

এই বিবৃতিত নাগলেণ্ডৰ শান্তি স্থাপনৰ বিষয়টোৰ কথাও কোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে নাগালেণ্ডত শান্তি স্থাপনৰ বাবে ৰাজনৈতিক আলোচনাৰে সমাধানৰ বাট মুকলি কৰিছে আৰু ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।