/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/51b9717e-6d55-4b23-b58b-23ea86ce6bb5.jpg)
ডিজিটেল ডেস্কঃ নগালেণ্ডত সোমবাৰে প্ৰাণ হেৰুৱালে ৪জন শ্ৰমিকে। নগালেণ্ডৰ লংলেং জিলাৰ ইয়ংগলোক গাঁওস্থিত অবৈধ কয়লা খনিত ভূমিস্থলন হোৱাৰ ফলত এই শ্ৰমিক কেইজনে প্ৰাণ হেৰুৱাই। ঘটনাস্থলীত উপস্থিত স্থানীয় আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাটো শনিবাৰে সেই সময়ত সংঘটিত হৈছিল, যেতিয়া শ্ৰমিক কেইজনে নিজৰ সামগ্ৰীসমূহ আনিবলৈ কয়লা খনিটোৰ ভিতৰলৈ গৈছিল। ইয়াৰোপৰি আটাইকেইজন মৃত শ্ৰমিক অসমৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/f3e72134-568d-43cd-9e44-47183c0a7f36.jpg)
লগতে তেওঁ জনায় যে, ভূমিস্খলনৰ ফলত অসম-নগালেণ্ড সীমান্তত থকা কয়লাখনিটোৰ ভিতৰত শ্ৰমিক কেইজন আৱদ্ধ হয়। ৰাজ্য চৰকাৰে অবৈধ কয়লা খনি বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত কিছুদিন পূৰ্বে কয়লাখনিটো বন্ধ কৰি দিয়াও হৈছিল।
ইফালে, কয়লাখনিটোত মৃত্যু হোৱা আটাইকেইজন শ্ৰমিকক চিনাক্ত কৰা হৈছে। মৃত শ্ৰমিক কেইজনৰ নাম ক্ৰমে- জীতেন তাঁতী, কৃষ্ণা গগৈ, টিটু ডেকা আৰু শোষণ ফুংকো। জানিব পৰা মতে, মৃত শ্ৰমিক কেইজনৰ পৰিয়ালৰ লোকে অনুৰোধ কৰাৰ বাবে মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাই। উল্লেখ্য যে, মেঘালয়ৰ অবৈধ কয়লাখনিত ১৫জনকৈ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ প্ৰায় তিনিমাহ পাছতেই সংঘটিত হয় এই ঘটনা।