ড° নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ...

শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম সাহিত্য সভাৰ লগতে অসম প্ৰকাশন পৰিষদে

author-image
Asomiya Pratidin
New Update
ড° নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদৰ শোক প্ৰকাশ...

nabin chandra death

ডিজিটেল ডেস্ক : লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতিৰ বিভাগৰ অধ্যাপক ড০ নবীন চন্দ্ৰ শৰ্মাৰ দেওবাৰে মালিগাঁৱৰ নিজ বাসগৃহত মৃত্যু হয়।শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম সাহিত্য সভাৰ লগতে অসম প্ৰকাশন পৰিষদে।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে নবীন চন্দ্ৰ শৰ্মা কেৱল বিদ্যায়তনিক দিশৰ পৰাই নহয় সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ অৱদান যুগমীয়া হৈ ৰ'ব। লগতে সভাপতি শইকীয়াই কয় যে অসম সাহিত্য সভাৰ তৰফৰ পৰা নবীন চন্দ্ৰ শৰ্মাক সদস্য মহীয়ান সন্মান আগবঢ়োৱা হৈছিল

শৰ্মাৰ মৃত্যুত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সোমবাৰে দিনটো অসম সাহিত্য সভাৰ পতাকা অৰ্ধনমিত হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে। আনহাতে, অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা প্ৰাপক ড° নবীনচন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে ৷

এক শোক বাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সাহিত্যিক গৰাকীৰ মৃত্যু আমাৰ সমাজ জীৱনৰ বিস্তৰ ক্ষতি বুলি উল্লেখ কৰে ৷ সচিব কলিতাই প্ৰয়াত সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

ইয়াৰ উপৰিও ড০ শৰ্মাৰ মৃত্যুত অসম নাট্য সন্মিলনেও গভীৰ শোক প্ৰকাশ কৰে। অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে এক শোকবৰ্তা প্ৰেৰণ কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আৰু তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

assam nabin chandra