হত্যাৰ অপৰাধত দোষী সাব্যস্ত এজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড

হত্যাৰ অপৰাধত দোষী সাব্যস্ত এজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ ৰক্তিম দুৱৰাৰ আদালতে বুধবাৰে চেছন গোচৰ নম্বৰ ৩৫০/২০১৩ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাৰ অধীনত এক ৰায়দান প্ৰদান কৰে। এই ৰায়দান যোগে আচামী ইজ্জত আলীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ জৰিমনা বিহে আদালতে।দহ হেজাৰ টকা অনাদায়ে অতিৰিক্ত ছমাহ সশ্ৰম কাৰাদণ্ড বিহা হয়।

গোচৰটোৰ চৰকাৰী অধিবক্তা বীভা ফুকনে জানিবলৈ দিয়া অনুসৰি,বিগত ২০১১চনৰ ৬ অক্টোবৰৰ দিনা নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত লহকৰ গাঁৱৰ মনোৱাৰা বেগম নামৰ মহিলা এগৰাকীয়ে গাঁও খনৰ ইজ্জত আলী,ৰজৱ আলী, নুৰ ইছলাম আৰু হাবিজা খাতুনৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।এজাহাৰ খনত অভিযোগকাৰী মহিলা গৰাকীয়ে উল্লেখ কৰিছিল যে, ঘৰুৱা হাই কাজিয়াৰ পৰিণতিত ইজ্জত আলীয়ে আন অভিযুক্ত সকলৰ প্ৰৰোচনাত মনোৱাৰাৰ স্বামী খুৰচেদ আলীক হাতোৱাহী (কাঠৰ খৰি ফলা লোৰ এবিধ সজুলি)ৰে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে।পাছত তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও তাতে মৃত্যু হয়।

মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ধিং আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ধাৰাৰ অধীনত ২০১৬/২০১১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত গোচৰটোৰ তদন্তকাৰী বিষয়া মানবেন্দ্ৰ দাসে আদালতত অভিযোগনামা দাখিল কৰে।

সুদীৰ্ঘ দিন ধৰি আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ অন্তত আদালতে দুয়োপক্ষৰ উকীলৰ যুক্তি শুনি তথ্য আৰু প্ৰমাণৰ ভিত্তিত অভিযুক্ত ইজ্জত আলীক জৰিমনা সহ যাৱজ্জীৱন কাৰাদণ্ড বিহে। আনহাতে আন অভিযুক্ত সকলক তথ্য প্ৰমাণৰ অভাৱত খালাচ দিয়া হয়।

হত্যাৰ অপৰাধত দোষী সাব্যস্ত এজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড
ন-পুৰণি বিজেপি নেতাৰ যুঁজঃ জ্যেষ্ঠ পুৰণি নেতাৰ সৈতে দিল্লীৰ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in