প্ৰসংগঃ মাননীয় উচ্চতম ন্যায়ালয়ত NRC সম্পৰ্কীয় গোচৰ

প্ৰসংগঃ মাননীয় উচ্চতম ন্যায়ালয়ত NRC সম্পৰ্কীয় গোচৰ

৩১ আগষ্ট, ২০১৯ত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা। এন আৰ চি সন্দৰ্ভত তৰা গোচৰৰ শুনানী হৈ আছে উচ্চতম ন্যায়ালয়ত। এই নাগৰিক পঞ্জী উন্নিতকৰণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অতি শেহতীয়া স্থিতিক লৈ অসম ৰাজ্যিক জমিয়ত আৰু আমছুৰ চাৰিজন নেতাৰ মতেৰে এইবাৰৰ 'মোৰ মত'

আজি ০৮.০৮.২০১৯ তাৰিখে মাননীয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত অসমৰNRCসম্পৰ্কীয় গোচৰৰ শুনানী অনুষ্ঠিত হয়। মাননীয় আদালতে যোৱা ২৩ জুলাই,২০১৯ ইং তাৰিখে গোচৰৰ পক্ষ হৈ থকা দল-সংগঠনৰ লগতে অসমৰ অন্যান্য আগ্ৰহীদল সংগঠনৰ পৰা পিতৃ বা মাতৃৰ যিকোনো এজন ভাৰতীয় আৰু আনজন ডি ভোটাৰ বা বিদেশী ন্যায়াধীকৰনতগোচৰ চলি থকা ব্যক্তি বা ঘোষিত ব্যক্তি হলে তেনে পৰিয়ালৰ সন্তানৰ নাম NRC ত অন্তৰ্ভুক্ত হব নে নাই তথা যিহেতু আই এম ডি টি আইন বাতিল হৈ গৈছে সেয়ে আইএম ডি টি আইনৰ অধীনত ভাৰতীয় ঘোষিত হোৱা সকলৰ নাম NRC ত অন্তৰ্ভুক্তকৰা হব নে নাই এই দুই বিষয়ত মতামত বিচৰাত আমছু আৰু ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীনজমিয়ত তৰফৰ পৰা নিজৰ নিজৰ মতামত আগবঢ়োৱা হয়। জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে মাননীয়আদালতত যুক্তি আগবঢ়াই কয় যে যিহেতু নাগৰিকত্ব আইন, ১৯৫৫ ৰ ধাৰা৩ সৰ্ব ভাৰততে প্ৰযোজ্য হৈ আছে সেয়ে ১৯৮৭ চনলৈ অসমত (ভাৰত) জন্ম লোৱা সকলৰ পিতৃ-মাতৃৰদুয়োজনেই বিদেশী হলেওঁ তেনে লোকৰ নাম NRC ত অন্তৰ্ভুক্ত কৰিবলাগে। সমান্তৰালকৈ ১৯৮৭ চনৰ পৰা ২০০৪ চনৰ মাজত জন্ম গ্ৰহন কৰা সকলৰ পিতৃ-মাতৃৰ এজনভাৰতীয় আনজন বিদেশী হলেওঁ তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে। কোনোবাৰ জন্ম ২০০৪ চনৰপূৰ্বে হৈছে কিন্তু তেওঁৰ পিতৃ বা মাতৃৰ যিকোনো এজনক ২০০৪ ৰ পিছত বিদেশী ঘোষনা কৰিছেবা ডি ভোটাৰ বুলি চিহ্নিত কৰিছে তেনে তেনেলোককো NRC ত নাম অন্তৰ্ভুক্তকৰিব লাগে বুলি যুক্তি আগবঢ়ায়। আনহাতে আই এম ডি টি আইন বাতিল হোৱাৰ পিছত গুৱাহাটীউচ্চ ন্যায়ালয়ে আই এম ডি টি আইনৰ অধীনত ভাৰতীয় ঘোষণা হোৱা সকলক ভাৰতীয় বুলি জাজমেন্টদিয়াত আই এম ডি টি আইনৰ অধীনৰ লোক সকলৰ নামো অন্তৰ্ভুক্ত কৰিব লাগে বুলি যুক্তি আগবঢ়ায়।অন্যান্য পক্ষভুক্ত দল সংগঠন সমূহেও নিজৰ নিজৰ যুক্তি আগবঢ়ায়।

আনহাতে শেষতীয়াকৈ NRC কৰ্তৃপক্ষই মাননীয়উচ্চতম ন্যায়ালয়ে সময়ে সময়ে প্ৰদান কৰি অহা নিৰ্দেশনা তথা উচ্চতম ন্যায়ালয়ৰ অনুমোদিতSOP ৰ বিধি উলংঘা কৰি অসমৰ বিভিন্ন ঠাইৰ সংখ্যালঘু লোকক ৰি-ভেৰিফিকেচনৰ নামত২/১ সময় দি ৩০০/৪০০ কিঃমিঃ দূৰত্বত শুনানীলৈ যাবলৈ বাধ্য কৰাই হাৰাশাস্তি কৰি থকাৰলগতে বিভিন্ন ঠাইত গাড়ী দূৰ্ঘটনাগ্ৰস্ত হৈ ৪ জনকৈ লোক নিহত হোৱাৰ লগতে প্ৰায় ১০০ জনতকৈঅধিক লোক আহত হৈছে বুলি মাননীয় আদালতক আবেদন আকাৰে অৱগত কৰোৱাৰ লগতে মাননীয় আদালতৰহস্তক্ষেপ বিচাৰে।

মাননীয় আদালতৰ খণ্ড বিচাৰপীঠে সমগ্ৰ বিষয় সমূহতবিভিন্ন পক্ষৰ অধিবক্তা সকলৰ যুক্তি শুনি ৰায় সংৰক্ষিত (অৰ্ডাৰ ৰিজাৰ্ভ্ড) ৰাখে। অহামংগলবাৰে সমগ্ৰ বিষয়তে নিৰ্দেশনা প্ৰদান কৰিব।

ৰাজনীতিবিদ সকলে বিধানসভাৰ ভিতৰে বাহিৰে বা অন্যকোনো পক্ষই আদালতৰ ৰায়ক বা নিৰ্দেশনাক যিমানেই সমালোচনা কৰক বা  উত্তপ্ত পৰিবেশ নকৰক কিয় তাৎপৰ্যপূৰ্ণ ভাবে আজিমাননীয় আদালতে তেনে সকলো কথা আওকাণ কৰি আগষ্ট মাহৰ ৩১ তাৰিখে বা তাৰ পূৰ্বে পূৰ্ণাঙ্গNRC প্ৰকাশ কৰিবলৈ ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক মৌখিকভাৱে নিৰ্দেশনাপ্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভড়ালীয়ে বিভিন্ন সংবাদ মাধ্যমতবা বিগত বিধান সভাত হোৱা সমালোচনা যিহেতু ন্যায় ব্যৱস্থাৰ আওতাৰ ভিতৰত নপৰে সেয়ে এইবোৰসম্পৰ্কে মাননীয় আদালতে কোনো নিৰ্দেশনা প্ৰদান নকৰে বুলি স্পষ্ট কৰি দিয়ে। কোনে কিকৰে কৰক, আদালতে  ৩১ আগষ্ট তাৰিখে NRCপ্ৰকাশ কৰিব।

আজিৰ শুনানীকালত আমছু আৰু মৌলানা ছৈয়দ আৰ্শ্বাদমাদানী নেতৃত্বাধীন জমিয়তৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বাল, ছলমানখুৰশ্বিদ আৰু অধিবক্তা ফোজাইল আহমেদ আইয়োবী, নিজাম পাশ্বা,মোস্তাফা খাদ্দাম হুছেইন, ইবাদ মুস্তাক, তেহছিনা হুছেইন,অদিতি গুপ্তা, আব্দুল কাদিৰ উপস্থিত থাকে।

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয়চৰকাৰ তথা চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা একাংশ সংগঠনে মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকবিভিন্ন সময়ত সমালোচনা কৰি NRC ৰ প্ৰতি ৰাইজৰ মনত এক সন্দেহৰ বীজ ৰূপন কৰিব অপচেষ্টাৰে  ৰাজনীতি কৰি অহাত আজি মাননীয় আদালতে লোৱা কঠোৰ ভুমিকাইচৰকাৰী বেচৰকাৰী ষড়যন্ত্ৰকাৰী সকলক মোক্ষম আঘাত দিলে। এনেলোকৰ ষড়যন্ত্ৰ উফৰি যাববুলি আমাৰ বিশ্বাস। আনহাতে অহা মংগলবাৰে মাননীয় আদালতে উল্লেখিত গোটেই বিষয় সমূহত সঠিকনিৰ্দেশনা প্ৰদান কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি জমা দিয়া সকলোঅসমবাসী ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্তিৰে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অসমতপ্ৰবেশ কৰা হিন্দু-মুছলমান কোনো অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত নকৰাকৈ সৰ্বস্তৰৰ ৰাইজৰগ্ৰহনযোগ্যকৈ এখন শুদ্ধ আৰু নিকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ কৰিব বুলি আমি আশাবাদী।

মৌলানা মুস্তাক আনফৰ
সভাপতি, অসম ৰাজ্যিক জমিয়ত
আজিজুৰ ৰহমান
উপদেষ্টা, আমছু
মোস্তাফা খাদ্দাম হুছেইন
আইনী উপদেষ্টা, আমছু
ৰেজাউল কৰিম সৰকাৰ
সভাপতি, আমছু

(তেখেতসকলৰ এই যৌথ বিবৃতিৰ বাক্যগাঁথনি বা মন্তব্য কোনো সাল-সলনি নকৰাকৈ অসম্পাদিত ৰূপত প্ৰকাশ কৰা হৈছে।)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in