অষ্ট্ৰেলিয়াৰ পৰা এখন চিঠি !

অষ্ট্ৰেলিয়াৰ পৰা এখন চিঠি !
এটা গুৰুত্বপূৰ্ণ বিষয়ত সুদুৰ অষ্ট্ৰেলিয়াৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ড০ দিপালী চৌধুৰী ধিল্লৌনে । 'মোৰ মত' শিতানত বিশিষ্ট চিকিৎসক গৰাকীৰ এই পত্ৰ সদৃশ লেখা ।

নমস্কাৰ,

মোৰ নাম শ্ৰীমতি দিপালী চৌধুৰী (ধিল্লৌন) ৷ মোৰ জন্ম অসমৰ গুৱাহটীত, তথা গুৱাহাটী মেডিকেল কলেজৰ পৰা মই এম.বি.বি.এচ ৰ ডিগ্ৰী গ্ৰহণ কৰি বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্নৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞা ৰূপে কৰ্মৰত ৷

অসমত Human Papilloma Virus (HPV) ৰ টিকা (ভেকচিন) উপলব্দ কৰোৱাৰ হেতুকে আগ্ৰহ প্ৰকাশ কৰাই হৈছে আজিৰ এই পত্ৰখনিৰ মূল উদ্দেশ্য ৷ HPV ভাইৰাচ হৈছে প্ৰায় ৭০% ত কৈ অধিক জৰায়ুমুখৰ কৰ্কট অৰ্থাৎ চাৰ্ভিকাল কৰ্কট ৰোগৰ প্ৰধান কাৰণ ৷ বৰ্তমান এই চাৰ্ভিকাল কৰ্কট ৰোগৰ এটি অতি নিৰাপদ তথা অতি ফলপ্ৰসু ভেকচিন ৰোগীসকলৰ বাবে উপলব্দ তথা অষ্ট্ৰেলিয়া, গ্ৰেইট ব্রিটেন, আমেৰিকা যুক্তৰাজ্য আৰু কেনেডাৰ দৰে দেশসমুহত এই ভেকচিন অতি বহুল ভাৱে ব্যৱহাৰ কৰা হৈছে ৷ মোৰ ধাৰণা তথা আশা যে, আমি যদি অসমত এনে এটি নিৰাপদ আৰু ফলপ্ৰসু ভেকচিন বহুল ভাৱে ব্যৱহাৰত আনিব পাৰো, তেন্ত এইয়া অসমৰ চিকিৎসা জগতৰ বাবে এক অতি ইতিবাচক পদক্ষেপ ৰূপে পৰিগনিত হব আৰু সমগ্ৰ ভাৰতবৰ্ষৰ চিকিৎসা জগতত অসমৰ এক সুনাম বিয়পি পৰিব ৷

ইতিমধ্য ভাৰতবৰ্ষৰ আন বহুতো ৰাজ্যত HPV ভেকচিনৰ পৰীক্ষা সফলতাৰে সমাপন কৰা হৈছে ৷ Lancet Oncology (Sankaranarayanan Lancet Oncology 2019) ৰ দ্বাৰা প্ৰকাশিক এখনি গবেষনা পত্ৰত, ভাৰতৰ অন্ধ-প্ৰদেশ, গুজৰাট, পান্জাৱ আৰু চিক্কিম আদি ৰাজ্যত, এই ভেকচিনৰ সফলতাৰ কথা উল্লেখ কৰা হৈছে ৷ HPV ভেকচিনৰ সফল তথা বহুল ব্যৱহাৰৰ হেতুকে “গাভি” (Gavi) ৰ দৰে মৈত্ৰীযুটিয়ে যথেষ্ট পুজিঁ প্ৰদান কৰে আৰু এই আচঁনিৰ আন্তগৰ্ত, ২০১৬ চনৰ পৰা ২০২১ চনলৈকে, আমেৰিকা যুক্তৰাষ্ট্ৰয়ে, ভাৰতক ৫৫০ মিলিয়ন (৫৫ কোটি) মাৰ্কিন ডলাৰ প্ৰদান কৰে ৷

অৰ্থনৈতিক ভাৱে পিছপৰি ৰোৱা পৰিয়াল সমুহৰ মহিলা সকলৰ বাবে চাৰ্ভিকাল কৰ্কট ৰোগ এক ডাঙৰ সমস্যা ৷ ২০১৮ চনৰ এক সমীক্ষাৰ মতে, গড় হিচাবে প্ৰায় ১.৫% ভাৰতীয় মহিলা চাৰ্ভিকাল কৰ্কট ৰোগত আক্ৰান্ত হোৱা দেখা যায় আৰু প্ৰতি ৬৩ গৰাকী মহিলাৰ মাজত ১ গৰাকী মহিলাই নিজৰ জীৱন কালত চাৰ্ভিকাল কৰ্কট ৰোগত আক্ৰান্ত হয় ৷ চাৰ্ভিকাল কৰ্কট ৰোগৰ এই সমস্যাৰ পৰা মহিলাসকলক উদ্ধাৰ কৰাৰ এক আশাদায়ক পথ হৈছে, HPV ভেকচিনৰ বহুল প্ৰয়োগ আৰু মহিলাসকলৰ বাবে সময়ে-সময়ে অধিক স্বাস্থ্যৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা ৷ সমগ্ৰ বিশ্বত, মহিলাসকলৰ মাজত সঘনে দেখা পোৱা কৰ্কট ৰোগৰ ভিতৰত জৰায়ুমুখৰ কৰ্কট ৰোগ অৰ্থাৎ চাৰ্ভিকাল কৰ্কট ৰোগ চৰ্তুথ স্থান পৰে আৰু লগতে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ সমুহত ইয়াৰ প্ৰভাৱ সবাতোকৈ বেচি দেখা যায় ৷

কৰ্কট ৰোগীৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱৰ হেতুকে উত্তৰ-পূবৰ ৰাজ্য সমুহত চাৰ্ভিকেল কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱ সকলোতকৈ অধিক দেখা পোৱা যায় তথা এই ৰোগৰ বিষয়ে মহিলা সকলৰ মাজৰ সজাগতাৰ অভাৱ সততে পৰিলক্ষিত হয় ৷ তদুপৰি, HPV দ্বাৰা গুপ্তাংশৰ কৰ্কট ৰোগ, মূৰ তথা ডিঙিৰ কৰ্কট ৰোগ আৰু গুপ্তাংশৰ ফোহাঁ তথা খজুৱতিতো ৰোগীসকল আক্ৰান্ত হব পাৰে ৷ কৰ্কট ৰোগৰ লগত জড়িত বিভিন্ন গৱেষনা অনুসৰি, কেৱল মাত্ৰ এবাৰ HPV ভেকচিন প্ৰয়োগৰ ফলত, চাৰ্ভিকেল কৰ্কট ৰোগৰ প্ৰভাৱ বহুখিনি কমা দেখা যায় ৷ ১৩ বছৰ বা তাতোকৈ অধিক বয়সৰ কিশোৰী সকলৰ বাবে HPV ভেকচিনেচন বা টিকাকৰণৰ কাৰ্য্যসুচীক প্ৰাথমিক টিকাকৰণ কাৰ্যসূচী ৰূপে গ্ৰহন কৰা হৈছিল ৷

HPV ভেকচিন বা টিকা হ’ল এক অতি নিৰাপদ টিকা তথা ইয়াৰ বহুল প্ৰয়োগৰ ফলত ভৱিষ্যতে অসমৰ বহুতো মহিলা উপকৃত হব ৷ সেয়ে, আশা ৰাখিছো এই বিষয়টিৰ ওপৰত যেন যথাযত গুৰুত্ব আৰোপ কৰা হয় আৰু ইয়াৰ বহুল প্ৰয়োগৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in