/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/863f05d5-4c03-477e-ae44-a1d11bf9dc8b/mur_mot.jpg)
স্বীকৃতি অবিহনেই গ'লগৈ অসমৰ হোমিওপেথিক চিকিৎসাৰ পথিকৃৎগৰাকী...
অসমৰ হোমিওপেথিক চিকিৎসা সেৱাৰ পথিকৃৎ আছিল ডাঃ পৰেশ চন্দ্ৰ শৰ্মা। তেওঁৰ তৎপৰতাত গঠন হৈছিল কামৰূপ জিলা হোমিওপেথিক চিকিৎসা সেৱা সন্থা, সদৌ অসম হোমিওপেথিক চিকিৎসক সন্থা। এই সন্থাৰ দাবীতেই স্থাপন হৈছিল পাঞ্জাবাৰীত সৰ্বভাৰতীয় পাঠ্যক্ৰমত হোমিওপেথিক কলেজ। এইগৰাকী পৰেশ চন্দ্ৰ শৰ্মাই নাপালে কেতিয়াও স্বীকৃতি। আজি তেওঁৰ আদ্যশ্ৰাদ্ধৰ দিনটোত এই সন্দৰ্ভত বিশিষ্ট নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ এই লেখা মোৰ মত শিতানত আগবঢ়োৱা হ'ল।
অসমৰ হোমিওপেথিক চিকিৎসা সেৱাৰ পথিকৃৎ ডাঃ পৰেশ চন্দ্ৰ শৰ্মা জেঠাদেউৰ মৃত্যু আমাৰ বিষ্ণুপুৰ জ্ঞাতি সমাজৰ বাবে যিদৰে অপূৰণীয় ক্ষতি একেদৰে ৰাজ্যৰ হোমিওপেথিক চিকিৎসা খণ্ডৰো অস্তমিত হ'ল এক নবীন সূৰ্য। নলবাৰী জিলাৰ চান্দকুছি -বিষ্ণুপুৰত জন্ম গ্ৰহণ কৰা ডাঃ শৰ্মাৰ পিতৃ আছিল ডাঃ দামোদৰ শৰ্মা।
এই দামোদৰ শৰ্মা আছিল একেধাৰে শিক্ষক, সুচিকিৎসক ,স্বাধীনতা সংগ্ৰামী আৰু সমাজ নিৰ্মাতা। যি ঐতিহাসিক গোপালথান পলিটেকনিকেল ইনষ্টিটিউশ্যনৰ প্ৰধান প্ৰতিষ্ঠাপক ৰূপে চিৰপূজ্য ।
ডাঃ দামোদৰৰ দ্বিতীয় পুত্ৰ ৰূপে ১৯৩২ চনত জন্ম গ্ৰহণ কৰা পৰেশ জেঠাদেৱে গৰিমামণ্ডিত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হয় ১৯৫২ চনত। ১৯৫৫চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই, এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৫৮ চনত কলিকতা হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি হয়।
তাৰ পৰাই ১৯৬৪ চনত ডি. এম. এছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসমলৈ প্ৰত্যাৱৰ্তন কৰে। অসমত তেখেতৰ প্ৰাইভেট হোমিওপেথিক চিকিৎসাই লোকসমাজত এক জাগৰণৰ সৃষ্টি কৰে।
জেঠা আছিল অপৰিসীম সাংগঠনিক শক্তিৰ অধিকাৰী। তেখেতে অসমৰ প্ৰান্তে প্ৰান্তে ঘূৰি ১৯৬৪-৬৫ চনত কামৰূপ জিলা হোমিওপেথিক চিকিৎসা সেৱা সন্থা আৰু ১৯৭৪ চনত সদৌ অসম হোমিওপেথিক চিকিৎসক সন্থা গঠন কৰে।
১৯৭৫ চনত সন্থাৰ দাবী মানি তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী মন্টু চৌধুৰীয়ে গুৱাহাটীৰ পাঞ্জাবাৰীত সৰ্বভাৰতীয় পাঠ্যক্ৰমত হোমিওপেথিক কলেজ প্ৰতিষ্ঠা কৰাৰ পৰামৰ্শ আগবঢ়ায়। ১৯৭৬ চনত এই কলেজৰ প্ৰথম বছৰৰ ছাত্ৰ ভৰ্তি হয় আৰু ১৯৮৯ চনত অসম চৰকাৰে এই কলেজক চৰকাৰীকৰণ কৰে।
১৯৮৮ চনৰ পৰা ১৯৯৪ চনলৈ ডাঃ পৰেশ চন্দ্ৰ শৰ্মাই সগৌৰৱে অধ্যক্ষৰূপে দায়িত্ব পালন কৰিছিল। এনে এক বৰ্ণিল জীৱনৰ অধিকাৰী মানুহজনক আমি সৰুৰ পৰাই পাইছিলোৱে ঘৰৰ মানুহৰ দৰে।
মোৰ দেউতা জিতেন্দ্ৰ নাথ শৰ্মা আছিল তেখেতৰ খুড়াকৰ পুত্ৰ। সেয়ে জিতেন বুলি নাম কাঢ়ি মাতিছিল আৰু আমাৰ পৰিয়ালৰ এজন মাৰ্গদৰ্শক আছিল। তেখেতে আগভাগ লৈ চান্দকুছি, গোপাল থান তথা নলবাৰী চহৰত বহুতো সামাজিক দায়বদ্ধ অনুষ্ঠানৰ আয়োজন কৰিছিল।
তেখেতে প্ৰতিষ্ঠা কৰা আদেৰী হোমিও হল নলবাৰী চহৰত আজিও জনপ্ৰিয়। দেখিবলৈ চাহাব চাহাব লগা মানুহজনে জাতি আৰু সমাজৰ বাবে যিমান কাম কৰিছিল প্ৰচাৰ বিমুখতাৰ হেতুকে সেয়া পাদপ্ৰদীপলৈ নাহিল।
চৰকাৰৰ ফালৰপৰা বিশেষ স্বীকৃতি নাপালে । আমিও ৰাজহুৱাকৈ দিয়াত ব্যৰ্থ হলো । এনে এগৰাকী প্ৰখ্যাত, নিষ্ঠাবান পুৰুষৰ আদ্যশ্ৰাদ্ধৰ দিনটোত আমি সকলোৱে হৃদয়ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে তেখেতৰ পত্নী, বৰপুত্ৰ ডঃ পুলিন শৰ্মা, সৰু পুত্ৰ ডাঃ কিশোৰ শৰ্মা আৰু কন্যাদ্বয় মলয়া, অৰ্চনালৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us