/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mur-mot-sankardev.jpg)
নামঘৰ, সত্ৰৰ মাজতেই সীমাবদ্ধ নেকি শ্ৰীমন্ত শংকৰদেৱ? মহাপুৰুষজনাৰ সৃষ্টিৰাজিৰ প্ৰকৃত মূল্যায়ণ হৈছেনে? নতুন প্ৰজন্মৰ মাজত কিদৰে পৰিচয় কৰাই দিয়া হৈছে শংকৰদেৱক? ধৰ্মীয় দিশটোক বাদ দিও শংকৰদেৱৰ সমাজ, সংস্কৃতি, সাহিত্যৰ ক্ষেত্ৰলৈ আছিল অভূতপূৰ্ব অৱদান। সেইবোৰৰ চৰ্চা সঠিক মতে হৈছেনে? এই গোটেইবোৰ দিশ সামৰি জয়দীপ নাৰায়ণ দেৱৰ এই লেখা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি এইবাৰৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল।
উদযাপনলৈ পৰিৱৰ্তিত হোৱা প্ৰত্যেকটো বিষয়েই কালক্ৰমত হেৰুৱাই আহিছে ইয়াৰ অন্তৰালৰ গূঢ়াৰ্থ । ১৫ আগষ্ট অথবা ২ অক্টোবৰক কেৱল এটি বন্ধৰ দিনলৈ পৰিৱৰ্তন কৰা সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানেই অৱগত নহয় এই দিন দুটাক ভাৰতীয় ৰাজনৈতিক ইতিহাসত কিদৰে মূল্যাংকণ কৰা হয় । এই তাৰিখ দুটা কেৱল উদাহৰণ হে । দেশৰ প্ৰান্তে প্ৰান্তে আছে এনে বহু ঘটনা । বিহু যে কেৱল হিন্দু ধৰ্মাৱলম্বী অসমীয়াৰ নহয় বৰং সমগ্ৰ অসমৰেই উৎসৱ, সময়ে সময়ে সোৱঁৰাই আহিব লগীয়া হৈছে ৰাইজক ।
তেনে স্থলত চলি অহা শাক্ত ধৰ্মৰ বিপৰিতে বৈষ্ণৱ ধৰ্মৰ মাধ্যমেৰে উপাসনা কৰিবলৈ প্ৰচাৰ চলোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিও কেৱল এটি বন্ধলৈ ৰূপান্তৰ কৰা সকলো প্ৰতিষ্ঠানৰ বাবে প্ৰাসংগিকতাৰ ভূমিকাও সন্দেহৰ আৱৰ্তত । নতুন পুৰুষে কি বুলি জনা উচিত শংকৰদেৱক? কেৱল এগৰাকী ধৰ্ম প্ৰচাৰক নে একাধাৰে সাহিত্যিক, কবি, নাট্যকাৰ তথা সমাজ সংস্কাৰক?
যদি ধৰ্ম প্ৰচাৰক তেন্তে তেখেতৰ পৰিচয় কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক বুলি নে শাক্ত ধৰ্মৰ নিৰ্জীৱ জন্তুৰ বলি বিধানৰ বিৰুদ্ধে সৰৱ হৈ নৱ বৈষ্ণৱবাদৰ জনক ৰূপে একশৰণ ধৰ্মৰ প্ৰচাৰক? যি ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰি ইয়াৰ জৰিয়তে বৰগীত, অংকীয়া নাট, ভাওনাৰ অৱদানেৰে চহকী কৰি গৈছিল অসমীয়া সমাজক ।
ইমান বিশাল পৰিসৰৰ এগৰাকী ব্যক্তিক কেৱল এটা ৰূপতেই চিনাকী দিয়াৰ ধৃষ্টতা নাই কোনো অসমীয়াৰে । কিন্তু অৱচেতন ভাৱে হ'লেও সেই ভুলেই কৰি আহিছে অসমীয়া সমাজখনে । নতুন প্ৰজন্মক শংকৰদেৱৰ দৰে এগৰাকী বটবৃক্ষৰ সৈতে চিনাকী কৰাই দিয়াৰ প্ৰচেষ্টা আঙুলি মূৰত গণিব পৰা ।
যি সময়ত শিক্ষাৰ মাধ্যমকলৈ প্ৰশ্ন উত্থাপন হৈছে, লাহে লাহে আনুষ্ঠানিক শিক্ষা ক্ষেত্ৰত অৱহেলিত হৈ আহিছে অসমীয়া ভাষা তেনে সময়ত মহাপুৰুষজনাৰ জীৱন দৰ্শনৰ সৈতে নৱ প্ৰজন্মক চিনাকী কৰাই দিয়াৰ দ্বায়িত্ব কেৱল সেই মুষ্টিমেয় প্ৰতিষ্ঠানবোৰৰ হে নেকি? আন সমূহ প্ৰতিষ্ঠানে ৰাজহুৱা বন্ধ বুলিয়েই গণ্য কৰি যাব নেকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিক?
যি সময়ত শ্ৰীমন্ত শংকৰদেৱে নৱ্য বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে অসমীয়া কলা-সংস্কৃতিৰ গুৰি ধৰোতা হৈ ৰচিছিল এটাৰ পাছত আনটো বৰগীত, নাট-ভাওনাৰ মাধ্যমেৰে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল, সেই সময়ত পৰাক্ৰমী ব্ৰিটিছ সাম্ৰাজত চলি আছিল অমানিশা । বিশ্ব বিখ্যাত নাট্যকাৰ শ্বেইক্সপীয়েৰৰ জন্মৰো বহু বছৰ আগতেই অসমীয়া ৰাইজে চিনাকী হৈছিল নাটৰ সৈতে ।
চৰ্চিত দেৱভাষা সংস্কৃতক ব্ৰাহ্মণ্যবাদৰ গৰালৰ পৰা আজুৰি আনি পুনৰ সাধাৰণ ৰাইজৰ মাজলৈ লৈ যাবলৈ সৃষ্টি কৰিছিল এক নতুন ভাষা ব্ৰজাৱলীৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল ধৰ্ম প্ৰচাৰৰ বাবেই নহয়, কলা সংস্কৃতিৰ চৰ্চাৰ বাবেও প্ৰতিষ্ঠা কৰা হৈছিল সত্ৰ সমূহৰ ।
এই সত্ৰসমূহে ধৰ্মৰ নামত পীড়িত লোকক ব্ৰাহ্মণ সমাজে চলাই অহা শোষণৰ বিপৰিতে প্ৰচাৰ কৰিছিল একশৰণ ধৰ্মৰ । কোনো ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হিন্দু ধৰ্মৰ মুল পূজ্য কৃষ্ণ অথবা বিষ্ণুৰ উপাসনাতেই যে সকলো দেৱ-দেৱতা সন্তুষ্ট অৰ্থাৎ গছ এজোপাৰ ডাল-পাতত পানী ঢলাৰ পৰিৱৰ্তে মূল গুৰি অথবা শিপাতহে ঢলা প্ৰয়োজন বুলি ১৫শ শতিকাতেই ব্যাখ্যা কৰিছিল শংকৰদেৱে ।
যি সমাজ একবিংশ শতিকাতো মুক্ত হ'ব পৰা নাই জাতি-ধৰ্মৰ ঠেক বিবাদৰ পৰা, তেনে সময়তে ১৫শ শতিকাতেই প্ৰকৃত প্ৰগতিশীল মানসিকতাৰ পৰিচয় দি এক সম্পূৰ্ণ নতুন অসমীয়া সমাজ গঢ়ি তুলিছিল শংকৰদেৱে । জাতি-ধৰ্ম, বৰ্ণ-কৰ্ম নিৰ্বিশেষে সকলো লোকৰেই প্ৰৱেশৰ অনুমতি আছিল নামঘৰত।
জনশ্ৰুতি অনুসৰি, শংকৰদেৱৰ দৰ্জী চান্দসাই প্ৰথমাৱস্থাত আছিল ইছলাম ধৰ্মী । ই কেৱল এটাহে উদাহৰণ । অৱশ্যে কেৱল ধৰ্মই নহয়, গ্ৰাম্য অৰ্থনীতিৰ সৱলীকৰণতো লোৱা হয় শংকৰদেৱৰ নাম । উপাসনাস্থলীৰ মূল উপাসকক কোনো বহুমূলীয়া উপঢৌকন দিয়াৰো কোনো প্ৰয়োজন নাছিল নামঘৰ অথবা সত্ৰসমূহত । নাছিল কোনো বিলাসী কাৰবাৰ ।
প্ৰসাদৰ ৰূপত আগবঢ়োৱা হৈছিল বূট-মগু, ফল-মূল । যাতে, সকলো আৰ্থিক অৱস্থাৰ লোকেই সামৰ্থ্য অনুযায়ী আগবঢ়াব পাৰে উপাসনাৰ প্ৰসাদ । নামঘৰৰ ন্যায় প্ৰক্ৰিয়া আছিল সম্পূৰ্ণ নিৰপেক্ষ । আজিৰ সাৰ্বভৌম আদালতৰ দৰেই সমূহ ৰাইজৰ সন্মুখত লোৱা হৈছিল বিচাৰ।
ইয়াৰ ওপৰিও কেৱল ধৰ্ম-কৰ্মতেই মনোনিৱেশ কৰাৰ পৰিৱৰ্তে খেতিৰ ওপৰতো গুৰুত্ব দিছিল মহাপুৰুষজনাই । কেৱল ধৰ্মতেই মজি যে সমাজ এখন সবল হ'ব নোৱাৰে এই সম্পৰ্কে জ্ঞাত আছিল শংকৰদেৱ । সামগ্ৰিকভাৱে ধৰ্ম-সংস্কৃতিৰ জৰিয়তেই কোচঁ আৰু আহোম ৰাজ্যৰ মাজৰ দলং হিচাপেও থিয় হৈছিল শংকৰদেৱে । যাৰ বাবেই পৰৱৰ্তী সময়ত এই দুই ৰাজ্যৰ মাজৰ মিত্ৰতাই ৰক্ষা কৰিছিল অসমক মোগলৰ আক্ৰমণৰ পৰা ।
তেনে এগৰাকী ব্যক্তিক বছৰটোৰ কেৱল এটা দিনতেই ৰাজহুৱা ভাৱে বন্দী কৰি ৰখাৰ আৰৰ প্ৰাসংগিকতা ক'ত? সময়ে সময়ে মহাপুৰুষজনাক বিশ্ব দৰবাৰলৈ লৈ যোৱা হ'ব বা হৈছে বুলি চলাই অহা তৰল ৰাজনীতিত ভোল গৈ বাহ্ বাহ্ দিয়া অসমীয়া সমাজো সমানেই দোষী ।
উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনীতিক উত্তৰ ভাৰতীয় ৰাজনীতিৰ সৈতে একাকাৰ কৰি পেলাবলৈ সাঙুৰি অনা হ'ল মহাপুৰুষজনাক । এইবোৰৰ মাজত নতুন পুৰুষে কি বুলি বিচাৰিব শংকৰদেৱক? কেৱল কৰতল-কমল শীৰ্ষক পদ্যটিত নে তেজৰে কমলাপতি শীৰ্ষক বৰগীতটিত?
শংকৰদেৱৰ পৰিসৰক অনুধাৱন কৰিবলৈ কেৱল মাজুলী অথবা বৰপেটালৈহে যাব লাগিব নেকি? ৰাজ্যখনক উত্তৰ ভাৰতীয় ৰাজনীতিত চামিল কৰাৰ পাছত শিক্ষা ব্যৱস্থাত কোনটো পৰ্যায়ত থাকিব শংকৰদেৱৰ স্থান? বিস্তাৰে আলোচনা হ'ব নে কেৱল চমু টোকাতেই শেষ হ'ব গুৰুজনাৰ অৱদান?
শংকৰদেৱ অবিহনে কোন কাহানিবাই থান-বান হৈ পৰিল হয় অসমীয়া ভাষা-সংস্কৃতি আৰু বৃহত্তৰ অসমীয়া সমাজখন শংকৰদেৱৰ অৱদানে উমি উমি জ্বলায় ৰখা জুইকুৰাৰ পোহৰতে পৰৱৰ্তী কালত ব্ৰিটিছ ৰাজত্বত লুপ্ত হৈ যাব খোজা অসমীয়া ভাষাক জীয়াই ৰখা হৈছিল ।
বৰ-অসমৰ মহীৰূহস্বৰুপ শ্ৰীমন্ত শংকৰদেৱক নতুন পুৰুষে কি বুলি কঢ়িয়াই নিব আহিব লগীয়া আন প্ৰজন্মকেইটাৰ বাবে ? এই প্ৰশ্নবোৰহে নতুন পুৰুষৰ, ইয়াৰ উত্তৰ আছে কেৱল পুৰণি প্ৰজন্মৰ হাততেই।