উপাসনা শইকীয়াৰ 'হালধীয়া জোতা' লৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা...

author-image
Asomiya Pratidin
New Update
উপাসনা শইকীয়াৰ 'হালধীয়া জোতা' লৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা...

ডিজিটেল ডেস্ক : ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা । অসমীয়া সাহিত্যৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণী সাহিত্যিক উপাসনা শইকীয়ালৈ 'হালধীয়া জোতা' শীৰ্ষক চুটিগল্প পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হ'ল এই বঁটা । মুনীন বৰকটকী ন্যাসৰ হৈ আজি এক সংবাদ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মিনাক্ষী বৰকটকীয়ে ।

Advertisment

সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ পুণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা প্ৰতি বছৰে অসমীয়া সাহিত্যৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকালৈ আগবঢ়োৱা হৈ আহিছে এই বঁটা । চলিত বৰ্ষত ২৮ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ঘোষণা কৰা হ'ল ৰবিবাৰে ।

উল্লেখ্য যে, ১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাৰ সৈতে বঁটা প্ৰাপকে লাভ কৰে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখনি প্ৰশস্তি-পত্ৰ ।

assam