/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/mukabhinoy-news-face-aasu-ganjajajajajaja-7-copy.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব মূকাভিনয় দিৱস উপলক্ষে প্ৰতিবছৰৰ দৰে এইবাৰো নিৰ্বাকৰ উদ্যোগত বিশ্ব মূকাভিনয় দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি যুৱ মূকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত চাৰিজনীয়া দলে "ৰাস্তাই-ঘাটে আৰু কিমান পিকাব ? ডিঙিতে এটি বাল্টি ওলোমাই লওক" শীৰ্ষক এক মূকাভিনয় প্ৰদৰ্শন কৰে।
গুৱাহাটীৰ ৰাজপথ, বাছ আস্থান, ফুটপাত, বজাৰৰ লগতে বাছৰ ভিতৰতো মূকাভিনয়ৰে এই প্রদর্শন ৰূপায়ন কৰে। এই কাৰ্যসূচীয়ে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, মিনাংক ডেকাই ইয়াৰ পূৰ্বেও বিভিন্ন বিষয়ৰ ওপৰত এনেধৰণৰ সজাগতা মূলক কাৰ্যসূচী নিজাববীয়াকৈ গ্ৰহণ কৰি আহিছে।