সাংসদ নৱ শৰণীয়াক আক্ৰমণৰ দোষীক কৰায়ত্তৰ দাবীত বাক্সাৰ থমনাত সমৰ্থকৰ উত্তাল প্ৰতিবাদ

সাংসদ নৱ শৰণীয়াক আক্ৰমণৰ দোষীক কৰায়ত্তৰ দাবীত বাক্সাৰ থমনাত সমৰ্থকৰ উত্তাল প্ৰতিবাদ

Published on

ডিজিটেল সংবাদ, শালবাৰীঃ সাংসদ নৱকুমাৰ শৰণীয়াৰ কনভয়ত দুৰ্বৃত্তৰ শিলাবৰ্ষণৰ ঘটনাৰ
প্ৰসংগ। অতিশীঘ্ৰে আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে বাক্সা জিলাৰ থমনাত নৱকুমাৰ শৰণীয়াৰ সমৰ্থকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰে উগ্ৰপন্থী দমন কৰক, সাংসদ শৰণীয়াৰ আক্ৰমনকাৰী হুঁচিয়াৰ, অবড়ো নেতৃত্ব বহন কাৰী সাংসদ শৰণীয়াৰ সুৰক্ষা নিশ্চিত কৰক, অতিশীঘ্ৰে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, সোমবাৰে নিশা চিৰাঙৰ এখন কৰ্মশালাত অংশগ্ৰহণ কৰি নলবাৰী অভিমুখে আহি থকা অৱস্থাত বজালীৰ হৰিপুৰৰ ৰাজপথত দুৰ্বৃত্তই সাংসদ গৰাকীৰ কনভয়ত শিলাবৰ্ষণ কৰি ক্ষতিসাধন কৰিছিল৷ ইতিপূৰ্বে ঘটনা সংক্ৰান্তত পাটাছাৰকুছি আৰক্ষী থানাত সাংসদ শৰণীয়াৰ ফালৰ পৰা নিশাই এজাহাৰ দাখিল কৰা হৈছে৷

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in