৭০ বছৰীয়া বৃদ্ধাক শাৰীৰিকভাৱে অপদস্থ আৰক্ষীৰ, ভৰিত ধৰি ক্ষমা খুজিবলৈ কৰালে বাধ্য

৭০ ঊৰ্দ্ধৰ এজন বৃদ্ধাক শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে ।ঘটনানুসৰি মৰিয়নি ৭নং ৱাৰ্ডৰ নিজ পদূলিত বাপন মজুমদাৰ নামৰ এগৰাকী লোকে ৰৈ আছিল৷ তেনে সময়ত মৰিয়নিৰ বিৰ্তকিত ব্যৱসায়ী সুৰজ ঘোষ নামৰ লোকজনে বাপন মজুমদাৰে বাট বন্ধ কৰাৰ অভিযোগ কৰি তৰ্কাতৰ্কিত লিপ্ত হয় ।

author-image
Asomiya Pratidin
New Update
৭০ বছৰীয়া বৃদ্ধাক শাৰীৰিকভাৱে অপদস্থ আৰক্ষীৰ, ভৰিত ধৰি ক্ষমা খুজিবলৈ কৰালে বাধ্য

৭০ বছৰীয়া বৃদ্ধাক শাৰীৰিকভাৱে অপদস্থ আৰক্ষীৰ, ভৰিত ধৰি ক্ষমা খুজিবলৈ কৰালে বাধ্য

ডিজিটেল সংবাদ, মৰিয়নিঃ অপৰাধ ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুত্বৰ অভিযোগ ৷ এইবাৰ নিৰিহক অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে মৰিয়নি আৰক্ষীৰ বিৰুদ্ধে৷

Advertisment

সোমবাৰে নিশা মৰিয়নি আৰক্ষীৰ জনৈক বড়ো উপাধিৰ এজন উপ পৰিদৰ্শকৰ নেতৃত্ব যোৱা এটা আৰক্ষীৰ দলে ৭০ ঊৰ্দ্ধৰ এজন বৃদ্ধাক শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে ।ঘটনানুসৰি মৰিয়নি ৭নং ৱাৰ্ডৰ নিজ পদূলিত বাপন মজুমদাৰ নামৰ এগৰাকী লোকে ৰৈ আছিল৷ তেনে সময়ত মৰিয়নিৰ বিৰ্তকিত ব্যৱসায়ী সুৰজ ঘোষ নামৰ লোকজনে বাপন মজুমদাৰে বাট বন্ধ কৰাৰ অভিযোগ কৰি তৰ্কাতৰ্কিত লিপ্ত হয় ।

ঘটনাস্থলীত মৰিয়নি থানাৰ পৰিদৰ্শকৰ দায়িত্বত থকা বড়ো উপাধিৰ বিষয়াজন উপস্থিত হৈ বাপন মজুমদাৰ আৰু তেওঁৰ ৭০ ঊৰ্দ্ধৰ বৃদ্ধ পিতৃক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

ইপিনে ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষী উপ-পৰিদৰ্শক গৰাকীয়ে একপক্ষীয় ভাৱে বিৰ্তকিত ব্যৱসায়ী সুৰজ ঘোষক ৰক্ষাণাৱেশন দি মজুমদাৰ নামৰ পৰিয়ালটিক থানালৈ উঠাই নি ভাবুকি প্ৰদান কৰে ।

Also Read: কিমান টকাৰ বিনিময়ত বিক্ৰী হৈছিল প্ৰশ্নকাকত? আৰক্ষীয়ে দিলে বিস্ফোৰক তথ্য

#moriyanipolice