নাই জলসিঞ্চন ব্যৱস্থা, বৰষুণেই আশাঃ শুকান মাটিতে কোৰ মাৰি শাওণৰ পথাৰত মূৰে কপালে হাত দিছে মৰিয়নিৰ কৃষকে

নাই জলসিঞ্চন ব্যৱস্থা, বৰষুণেই আশাঃ শুকান মাটিতে কোৰ মাৰি শাওণৰ পথাৰত মূৰে কপালে হাত দিছে মৰিয়নিৰ কৃষকে

author-image
asomiyapratidin
New Update
নাই জলসিঞ্চন ব্যৱস্থা, বৰষুণেই আশাঃ শুকান মাটিতে কোৰ মাৰি শাওণৰ পথাৰত মূৰে কপালে হাত দিছে মৰিয়নিৰ কৃষকে

ডিজিটেল সংবাদ মৰিয়নি: এতিয়া শাওণ মাহ।চহা কৃষিজীৱি লোকসকলৰ ব্যস্ততাৰ অন্ত নাথাকে এনে সময়ত।প্ৰতিজন চহা খেতিয়কে হেঁপাহৰ পথাৰখনত আশাৰ কঠিয়া গুজি সোণালী সপোন ৰচে। কিন্তু মৰিয়নিৰ বহু কৃষিজীৱিয়ে এতিয়া উকা পথাৰ খনলৈ চাই মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে।বৰষুণ নোহোৱাত পানীৰ অভাৱত চিৰাল ফাট দিছে শ শ হেক্টৰ কৃষি ভূমি।

Advertisment

মৰিয়নিৰ কাটনিপাৰ অঞ্চলৰ বহু খেতিয়কে জেঠতে হাল বোৱা পাছতো পানীৰ অভাৱত ভূঁই ৰুব পৰা নাই।দুই এজন কৃষকে ভূঁই ৰূইছিল যদিও বৰষুণ নোহোৱাত পানীৰ অভাৱত কঠীয়া মৰি যোৱাৰ উপক্ৰম হৈছে। শ শ হেক্টৰ কৃষি ভূমি এতিয়া উকা হৈ পৰি ৰৈছে।শুকান মাটি ডৰাতে কৃষকসকলে আলি কাটিছে, কোৰ মাৰিছে।আশা যাতে বৰষুণ জাক আহিলেই মাটি কেইডৰা ৰুব পাৰে।

ইফালে খেতি পথাৰত নাই চৰকাৰী জলসিঞ্চনৰ সুব্যৱস্থা। ফলত প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল হৈ বৰষুণৰ পানীৰ বাবে বাট চাই ৰ'ব লগা হৈছে খেতিয়ক সকলে।চৰকাৰ তথা জলসিঞ্চন বিভাগক শীঘ্ৰে খৰাং পীড়িত অঞ্চলত পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোক দুৰ্ভিক্ষৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে খেতিয়ক সকলে।