মৰিয়নীৰ দিচৈভেলীত নগা বেদখল বিৰুদ্ধে অসমৰ প্ৰশাসনৰ উচ্ছেদ অভিযান…

মৰিয়নীৰ দিচৈভেলীত নগা বেদখল বিৰুদ্ধে অসমৰ প্ৰশাসনৰ উচ্ছেদ অভিযান…

author-image
asomiyapratidin
New Update
মৰিয়নীৰ দিচৈভেলীত নগা বেদখল বিৰুদ্ধে অসমৰ প্ৰশাসনৰ উচ্ছেদ অভিযান…

ডিজিটেল সংবাদ, মৰিয়নী: মৰিয়নীৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল উচ্ছেদ অসমৰ প্ৰশাসনৰ। পুৱতি নিশাৰ পৰা মৰিয়নীৰ নিউ সোণোৱাল বনগাঁও, ভবানীপুৰ অঞ্চলত যুদ্ধ সদৃশ পৰিবেশ৷ আৰক্ষী, চি আৰ পি এফ আৰু অসম আৰক্ষীৰ বেটেলিয়ন কামাণ্ডোৰ বৃহৎ দলৰ নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে উচ্ছেদ অভিযান।

Advertisment

উচ্ছেদ স্থলীত সংবাদমাধ্যমৰ লোকৰ প্ৰবেশত বাধা প্ৰশাসনৰ৷ যোৱা ২৭ মে' তাৰিখে প্ৰাক্তন বিধায়ক সাংবাদিক গাওঁবাসীৰ ওপৰত যি গুলী বৰ্ষণ কৰি আক্ৰমণ হৈছিল সেই ঠাইত উচ্ছেদ অভিযান চলোৱা হৈছে। জানিব পৰা মতে উক্ত স্থানত অসম আৰক্ষীৰ অস্থায়ী কেম্প নিৰ্মাণৰ যা যোগাৰ কৰিছে যদিও নগাৰ তৰফৰ পৰা বাধা আৰোপ কৰিছে অসম আৰক্ষীৰ শিবিৰ নিৰ্মাণ কৰাত৷