ডিজিটেল সংবাদ, মৰিয়নি: আগন্তুক উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে মৰিয়নি সমষ্টি সাংগঠনিক কাৰ্যসূচী আৰম্ভ কৰিছে। এই উপলক্ষে মৰিয়নি চানাই বিৱাহ ভৱনত অসম যুৱ পৰিষদৰ মৰিয়নি সমষ্টি ভিত্তিত এখনি সাংগঠনিক সভা অনুষ্ঠিত হয়। অগপৰ যোৰহাট জিলা পৰিষদৰ সভাপতি সৌৰভ প্ৰাণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাতেই আগন্তুক দিনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ তদৰ্থ ভিত্তিত এখনি শক্তিশালী সমিতি গঠন কৰা হয়।
অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মৰিয়নি সমষ্টিৰ তত্বাৱধায়ক সুদৰ্শন হাজৰিকাৰ তত্বাৱধানত অনুষ্ঠিত উক্ত সভাত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই, উপ-সভাপতি সুশান্ত দত্ত, সম্পাদক প্ৰাণজিৎ হাজৰিকা, অগপ নেতা অৰুণ বেদিয়া, সমৰ ৰঞ্জন ভবকে ধৰি বহু কেইগৰাকী কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। সভাত আগন্তুক উপ-নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ অসম যুৱ পৰিষদে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।