/asomiyapratidin/media/media_files/2025/10/09/1-2025-10-09-21-53-07.jpg)
ডিজিটেল সংবাদ মায়ং: সমগ্ৰ বিশ্বতে অক্টোবৰ মাহৰ দ্বিতীয় শনিবাৰটো বিশ্ব দৃষ্টি দিৱস হিচাপে উদযাপন কৰা হয়। মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় অন্ধতা আৰু দৃষ্টি ক্ষীণতা নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু সান্দহখাইটী চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যুটীয়া উদ্যোগত আজি এই দিৱস উদযাপন কৰা হয়।
এই উপলক্ষে আয়োজিত চকুৰ যত্নৰ সজাগতা সভাত মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত নিতিশা বৰা, অন্ধতা নিয়ন্ত্ৰণৰ ৰাজ্যিক প্ৰকল্প বিষয়া ডা: ভাৰতী বৰকটকী, স্বাস্থ্য সঞ্চালক অসমৰ কাৰ্যালয়ৰ ৰাজ্যিক প্ৰকল্প বিষয়া ডা: ৰুণু বালা দাস আৰু ডা: ইলা ৰাজখোৱা, মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: অৰুণ কুমাৰ নাথ আৰু সাংবাদিক নজৰুল ইছলামে উপস্থিত ৰাইজৰ সন্মুখত অন্ধতা আৰু দৃষ্টিহীনতা বিষয় সন্দৰ্ভত আলোচনা আগবঢ়ায়।
অন্ধতা নিয়ন্ত্ৰণৰ ন'ডেল বিষয়া পিনাকী ভূষণ মহন্তই আঁত ধৰা সভাখনত আটাইকেই গৰাকী বিষয়াই সান্দহ খাইতি চৰ পি এইচ চিৰ গাননিক কবিৰুল বাছাৰৰ প্ৰচেষ্টাত বানাক্ৰান্ত এটা ভিতৰুৱা অঞ্চলত অৱস্থিত স্বাস্থ্য কেন্দ্ৰ খন আটকধুনীয়া আৰু পৰিপাটীকৈ পৰিচালনা কৰা দিশটোক ভূয়সী প্ৰশংসা কৰে।সভাত চিকিৎসালয় খনৰ চিকিৎসক, নাৰ্চ আৰু আশা কৰ্মী সকল উপস্থিত থাকে।
বিশ্ব দৃষ্টি দিৱস উপলক্ষে আয়োজিত আজিৰ সজাগতা শিৱিৰত বিনামূলীয়া চকুৰ চানি অস্ত্ৰপ্ৰচাৰৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ৰ কাৰিকৰী সহযোগিতাত অনুষ্ঠিত এই শিবিৰত প্ৰায় তিনি শতাধিক ৰোগীৰ চকু পৰীক্ষা সম্পন্ন কৰাৰ লগতে ৭০ গৰাকী ৰোগীৰ চকুৰ চানি চিনাক্ত কৰা হয়।
চকুৰ চানি চিনাক্ত হোৱা ৰোগী সকলক গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়লৈ বিনামূলীয়াকৈ অহা-যোৱাৰ ব্যৱস্থা কৰি বিনামূলীয়া অস্ত্ৰোপচাৰ সেৱা আগবঢ়োৱা হ'ব বুলি সহকাৰী খণ্ড প্ৰকল্প প্ৰবন্ধক কবিৰুল বাছাৰে জানিবলৈ দিয়ে।