Advertisment

ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঠিকা ভিত্তিক চিকিৎসক, নাৰ্চৰ কৰ্মবিৰতিত অচলাৱস্থা

মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্ম বিৰতিত অংশগ্ৰহণ কৰাৰ ফলত অচলাৱস্থাই দেখা দিছে  চিকিৎসালয়খনত।

author-image
Asomiya Pratidin
New Update
ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঠিকা ভিত্তিক চিকিৎসক, নাৰ্চৰ কৰ্মবিৰতিত অচলাৱস্থা

ডিজিটেল সংবাদ মায়ং: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্ম বিৰতিত অংশগ্ৰহণ কৰাৰ ফলত অচলাৱস্থাই দেখা দিছে  চিকিৎসালয়খনত। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ নিৰ্দেশনাত কালিৰে পৰা আৰম্ভ হোৱা তিনি দিনীয়াকৈ কৰ্ম বিৰতিৰ আজি দ্বিতীয়টো দিনত জিলাখনৰ মৰিগাঁও, লাহৰীঘাট, মৈৰাবাৰী,ভুৰাগাও, ঝাৰগাঁও, মায়ং,জাগীৰোড, ভকতগাঁও, বহা বৰঝাৰীকে ধৰি প্ৰতি  খন স্বাস্থ্য  কেন্দ্ৰত কৰ্ম বিৰতি কাৰ্যসূচী হাতত লয়।

Advertisment

মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত ঠিকা ভিত্তিক চিকিৎসক, স্বাস্থ্য কৰ্মী, নাৰ্চে প্ৰতিবাদ সাব্যস্ত  কৰা দেখা পোৱা যায়। হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান লিখি কৰ্ম বিৰতী কাৰ্যসূচীত  অংশগ্ৰহণ কৰে।তেঁও লোকৰ দাবী সমূহ হ'ল  বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জড়িয়তে কৰ্মচাৰী সকলক স্থায়ী নিযুক্তি দিয়া, পে-স্কেলৰ ব্যৱস্থা কৰা,ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সম হাৰত দৰমহা, গ্ৰেচুইটি , পেঞ্চন আদি প্ৰদান কৰা।

যদিহে চৰকাৰে তেওঁলোকৰ এই ন্যায্য দাবী সমূহ মানি নলয় আগন্তুক দিনত গণতান্ত্ৰিক ভাবে আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ দিয়ে।কাৰণ কভিড কালত, বানপানীৰ সময়চোৱাত দিন ৰাতি একাকাৰ কৰি ঠিকাভিত্তিত  নিযুক্তি পোৱা চিকিৎসক কৰ্মচাৰী সকলে যথেষ্ট কষ্ট কৰি দায়িত্ব পালন কৰিছিল। তাৰ পিছতো চৰকাৰে এইদৰে বৈষম্য কৰি থকাটো সহজ ভাবে মানি লব পৰা নাই।

মায়ং প্ৰতিবাদ