বিহুৰ বতৰত ৰহাৰ লখিমী বোৱা-কটা সমবায় সমিতিৰ গামোচাই দখল কৰিছে বিশেষ মৰ্যাদা...

ৰহাৰ আমনিশালীৰ ’লখিমী বোৱা-কটা সমবায় সমিতি’ৰ উদ্যোগৰ গামোচায়ো দখল কৰিছে বিশেষ মৰ্যাদা। ১০৫ গৰাকী সদস্যৰ এই সমবায় সমিতিখনৰ প্ৰতিগৰাকী সদস্যই নিতৌ ব্যস্ত হৈ আছে তাঁতশালত ৷

author-image
Tushar Pratim
New Update
বিহুৰ বতৰত ৰহাৰ লখিমী বোৱা-কটা সমবায় সমিতিৰ গামোচাই দখল কৰিছে বিশেষ মৰ্যাদা...

ডিজিটেল সংবাদ ৰহাঃ এতিয়া ৰঙালী বিহুৰ বতৰ৷ চৌদিশে হেপাহৰ ৰঙালীৰ উন্মাদনা৷ পঞ্চায়ত নিৰ্বাচনেও ম্লান কৰিব পৰা নাই বাপতিসাহোন হেঁপাহৰ ৰঙালীক৷

Advertisment

ৰঙালীক আদৰাৰ প্ৰস্তুতি চৌদিশে৷ অৱশ্যে এইহেন ৰঙালী বিহুৰ বতৰতো বহুলোক ব্যস্ত পঞ্চায়ত নিৰ্বাচনক লৈ৷ ঢোল-পেঁপাৰ মাতক তল পেলাই শুনিবলৈ পোৱা গৈছে দলীয় জিন্দাবাদ ধ্বনি৷ পঞ্চায়ত নিৰ্বাচনৰ কিৰিলিত কুলি-কেতেকীৰ মাত যেন দূৰতে বিদুৰ৷

তথাপি বাপতিসাহোন ৰঙালী বিহু আজিও স্ব-মহিমামণ্ডিত৷  ৰঙালীৰ ৰঙত বিলীন অসমীয়া৷ মৰমৰ দীঘেৰে চেনেহৰ বানীৰে বোৱা বিহুৱানখন দিবলৈ কোনোবা চেনেহী ৰৈ আছে চেনাইলৈ৷

এনে সময়তে ৰহাৰ থলুৱা শিপিনীৰ গামোচাই লাভ কৰিছে ব্যাপক সমাদৰ৷ ৰহাৰ আমনিশালীৰ ’লখিমী বোৱা-কটা সমবায় সমিতি’ৰ উদ্যোগৰ গামোচায়ো দখল কৰিছে বিশেষ মৰ্যাদা।

১০৫ গৰাকী সদস্যৰ এই সমবায় সমিতিখনৰ প্ৰতিগৰাকী সদস্যই নিতৌ ব্যস্ত হৈ আছে তাঁতশালত ৷ ঘৰে ঘৰে বৈছে পাট-মূগা, লাহি সুতা, কেচা সুতাৰ গামোচা৷ বৈ উলিয়াইছে পাট-মূগাৰ মেখেলা-চাদৰ৷

ৰহাৰ এইসকল শিপিনীৰ উৎকৃষ্ট হাতেবোৱা গামোচা দেখি ক্ৰয় কৰিছে অসম চৰকাৰেও৷ অসম চৰকাৰক এই লখিমী বোৱা-কটা সমবায় সমিতিয়ে ইতিমধ্যে যোগান ধৰিছে হাজাৰৰো অধিক গামোচা৷

ৰহাৰ আমনিশালীৰ থলুৱা শিপিনীৰ হাতে বোৱা সুন্দৰ গামোচাই ইতিমধ্যে এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ অসম চৰকাৰৰ হস্ত-তাঁত বয়ন শিল্পৰ পৰা প্ৰশিক্ষণ লোৱা এইসকল মহিলা আজি স্বাৱলম্বী৷

সস্তীয়া পাৱাৰলুমৰ গামোচা বৰ্জন কৰি অসমীয়াৰ স্বাভিমান থলুৱা গামোচা ব্যৱহাৰেৰে জাতিৰ স্বাভিমান ৰক্ষা কৰিবলৈও আহ্বান এইসকল উদ্যমী মহিলাৰ৷ সমবায় সমিতিখনৰ অন্তম সদস্য স্বপ্না ডেকা দাসে পাৱাৰলুমৰ গামোচা বৰ্জনৰ বাবে আহ্বান জনাই কয়, পাৱাৰলুমৰ গামোচাৰ বাবেই থলুৱা শিপিনীয়ে গামোচাৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে।

অৱশ্যে তাৰ পাছতো সমবায় সমিতিখনৰ সৈতে জড়িত হৈ পৰাৰ বাবেই তেওঁলোকে গামোচা, চাদৰ, মেখেলা আদি তৈয়াৰ কৰি স্বাৱলম্বীতাৰ পথ বিচাৰি পাইছে। তেওঁ কয়, হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ পৰা ৪৫ দিনীয়া এক প্ৰশিক্ষণ গ্ৰহণ কৰি কাপোৰ বোৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছো।

এতিয়া সমবায় সমিতি আৰু নিজৰ ঘৰতো কাপোৰ বওঁ। গামোচাই হওঁক, চাদৰ-মেখেলাই হওঁক সকলো বৈ সমবায় সমিতিত জমা দিওঁ। সমবায় সমিতিখনৰ পৰা পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছো। কাপোৰ বোৱাৰ বাবে প্ৰয়োজনীয় সূতা আমি সমবায় সমিতিখনৰ নগাঁৱৰ কাৰ্যালয়ৰ পৰা কম মূল্যত ক্ৰয় কৰো।

২০১০ চনতে স্থাপন হোৱা এই সমবায় সমিতিখনৰ আৰম্ভণি অৱশ্যে এটা আত্মসহায়ক গোটৰ পৰাহে হৈছিল। এই সন্দৰ্ভত সমবায় সমিতিখনৰ অন্যতম সদস্য ৰুণুমি দাসে য়ে কয়, ২০১০ চনত আমি এই সমবায় সমিতিখন আৰম্ভ কৰিছিলো। প্ৰথমে আমাৰ ১০ গৰাকী শিপিনীৰ এটা আত্মসহায়ক গোট আছিল। তেতিয়াই হস্ত তাঁত বস্ত্ৰ শিল্পৰ পৰা এটা আমাক ৪৫ দিনীয়া প্ৰশিক্ষণ দিছিল। 

তেতিয়াৰ পৰা আমি স্বাৱলম্বী হ’বলৈ শিকিছো। চৰকাৰক আমি প্ৰথমে ২০২২ চনত দিছিলো ২০০ খন গামোচা। এইবাৰ আমি উচিত মূল্যত ১২০০ খন গামোচা দিছো। আৰু বহু অৰ্ডাৰ লাভ কৰিছো। ব’হাগ বিহু শেষ হোৱালৈকে আমি আৰু ২০০০ খন গামোচা বিক্ৰীৰ লক্ষ্য লৈছো।

’লখিমী বোৱা-কটা সমবায় সমিতি’ৰ মহিলাসকলৰ এই সাফল্য আৰু স্বাৱলম্বীতা অঞ্চলটোৰ আন বহু মহিলাৰ বাবে উদাহৰণ হৈ পৰিছে। তাৰোপৰি বিহুৰ সময়ত প্ৰয়োজন হোৱা থলুৱা গামোচাৰ চাহিদাও পূৰণ কৰাত এনে সমবায় সমিতিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

 

গামোচা ৰহা