মৰিগাঁৱৰ ৩ আৰু ১১ নম্বৰ ৱাৰ্ডৰ প্ৰতি মাহী আইৰ দৃষ্টি কিয়? ৰাইজৰ প্ৰশ্নৰ উত্তৰ কোনে দিব….

মৰিগাঁৱৰ ৩ আৰু ১১ নম্বৰ ৱাৰ্ডৰ প্ৰতি মাহী আইৰ দৃষ্টি কিয়? ৰাইজৰ প্ৰশ্নৰ উত্তৰ কোনে দিব….

author-image
asomiyapratidin
New Update
মৰিগাঁৱৰ ৩ আৰু ১১ নম্বৰ ৱাৰ্ডৰ প্ৰতি মাহী আইৰ দৃষ্টি কিয়? ৰাইজৰ প্ৰশ্নৰ উত্তৰ কোনে দিব….

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাঁও পৌৰ সভাৰ অধীনস্থ ৩ আৰু ১১ নম্বৰ ৱাৰ্ডৰ ৰাইজৰ আছে সীমাহীন সমস্যা।দুয়োটা ৱাৰ্ডৰ মাজেৰে যোৱা মূল পথটোৰ এটা অংশ হ'ল পানী টেংকী এলেকা। শনিবৰীয়া বজাৰৰ পৰা মিলনপুৰ লৈ যোৱা পথৰ কাষতে আছে ১৯৮৭ চনতে নিৰ্মাণ কৰা এটা বৃহৎ পানী টেংকী।সেয়ে ৰাইজে সেই ঠাই খিনিক পানী টেংকী বুলিয়েই জানে। নিশা হলেই পানী টেংকী এলেকাত বাটত আগছি ধৰি লুটপাত, চুৰি,সুৰা, ড্ৰাগছ আসক্ত লোকৰ উদ্ভণ্ডালি বৃদ্ধি পাই।কাৰণ ষ্ট্ৰীট লাইটৰ কোনো ব্যৱস্থা নাই।

কেৱল সেয়াই নহয়,বৃহৎ পানী যোগান আঁচনিখন আজি ৩৪ বছৰ ধৰি বিকল হৈ পৰি থাকিল। জহি-খহি গৈছে পানী যোগান আঁচনিৰ আচবাব আৰু কোৱাৰ্টাৰ কেইটা। এদিনো ৰাইজে পানী নাপালে। বিশুদ্ধ পানীৰ নামত পৌৰ সভাৰ এলেকাধিন মাত্ৰ দুটা ৱাৰ্ডৰ ৰাইজেহে পানী লাভ কৰে বুলি জানিব পৰা গৈছে। মিলনপুৰ পানী যোগান আঁচনিখন এতিয়া ডাষ্টবিনত পৰিণত হৈছে। ৩ আৰু ১১ নং ৱাৰ্ডৰ বাসিন্দা সকলে ঘৰৰ সকলো পেলনীয়া সামগ্ৰী পুৱা হ'লেই পানী যোগান আঁচনিৰ চৌহদত পেলাই।

লেতেৰা পেলনীয়া সামগ্ৰীৰ দুৰ্গন্ধত ওচৰ চুবুৰীয়া থাকিব নোৱাৰা অৱস্থা হয়। নাকত ৰুমাল লৈ সেই ঠাই পাৰ হব লাগে ছাত্ৰ ছাত্ৰী,শিক্ষক, উকীল,ডাক্তৰ, আৰু বহু চৰকাৰী বিষয়া কৰ্মচাৰী। চাৰিবেৰ নথকাৰ বাবে বহু অপৰাধ সংঘটিত হয় পানী টেংকী এলেকাত। জানিব পৰা মতে আৰবান বিভাগক পানী যোগান আঁচনিৰ এটা অংশৰ মাটি এৰি দিছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা উক্ত পানী যোগান আঁচনি চলোৱাটো সম্ভৱ পৰ নহয় বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতি ৩ আৰু ১১ নম্বৰ ৱাৰ্ডৰ লোকসকলক কিয় এইদৰে মাহী আইৰ দৃষ্টিৰে চাই আহিছে সেইয়া এক অবুজ সাঁথৰ হৈ পৰিছে।

প্ৰতি বাৰে উক্ত ৱাৰ্ড দুটাৰ পৰা ৰাইজৰ ভোটেৰে প্ৰতিনিধি জয়ী হৈ পৌৰ সভালৈ  গৈয়ে আছে। পিছে লংকালৈ যিয়েই যায় সেই জনেই ৰাৱণ হোৱাৰ লেখীয়া হৈ আহিছে।মুঠৰ ওপৰত উন্নয়নৰ প্ৰতি ভ্ৰূক্ষেপ নাই কাৰোৰে।নিজৰ উন্নয়নৰ প্ৰতি সদায় ব্যস্ত থাকে উক্ত ৱাৰ্ডৰ পৰা নিৰ্বাচিত প্ৰতিনিধি সকল।এইবাৰ দুয়োটা ৱাৰ্ড ৰ সচেতন ভোটাৰ ৰাইজে যোগ্য জনক ভোট দিয়াৰ চিন্তা কৰিছে।দলৰ কথা নাই, যিয়ে সমস্যা অনুধাৱন কৰি সমাধান কৰিব পাৰিব তেনে প্ৰাৰ্থীকে ভোট দিয়াৰ বাবে সাজু হৈছে।অৱশ্যে জয়ী হোৱাৰ পিছত কি পদক্ষেপ লয় সেয়া লক্ষণীয় হব।