বিজেপিৰ মৰিগাঁও জিলাৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতিৰ বিয়োগত ভৱেশ কলিতাৰ শোক…

বিজেপিৰ মৰিগাঁও জিলাৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতিৰ বিয়োগত ভৱেশ কলিতাৰ শোক…

ডিজিটেল ডেস্কঃ বিজেপিৰ মৰিগাওঁ জিলাৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতিৰ বিয়োগত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শোক প্ৰকাশ কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিত তেওঁ উল্লেখ কৰিছে যে, মৰিগাওঁ জিলাৰ প্ৰাক্তন সভাপতি, দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা পদ্মকান্ত কাকতিৰ বিয়োগত মই মৰ্মাহত হৈছোঁ। কাকতিৰ বিয়োগত দলৰ লগতে সনাতন সমাজৰ এক অপূৰণীয় ক্ষতি হৈছে।

কলিতাই এই সংকটৰ সময়ত কাকতিৰ পৰিয়াল, আত্মীয়-স্বজন তথা শুভাকাংক্ষী সকলৰ দুখৰ সমভাগী হোৱাৰ লগতে এই সংকটৰ সময়ত সহমমিৰ্তা প্ৰকাশ কৰিছে। জীৱন কালত একান্ত সততাৰে এগৰাকী নিষ্ঠাবান সমাজকৰ্মী হিচাপে মৰিগাওঁ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি যি সেৱা আগবঢ়াই গ'ল সেয়া জিলাবাসীয়ে সদায়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি ভৱেশ কলিতাই বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।

উল্লেখ্য যে, জীৱিত অৱস্থাত প্ৰয়াত পদ্মকান্ত কাকতিয়ে মৰিগাওঁ জিলা সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও ৰাজ্যিক অনুসূচীত জাতি মৰ্চাৰ উপ সবাপতি, মৰিগাওঁ জিলা অনুসূচীত জনজাতি উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in