
ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰত আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই ইখনৰ পাছত সিখন অবৈধভাৱে সৰবৰাহ কৰা গোধন ভৰ্তি বাহন জব্দ কৰিছে । সোমবাৰে পুৱতি নিশা পুনৰ আৰক্ষীয়ে কলিয়াবৰৰ কুঠৰীত জব্দ কৰে তিনিখনকৈ অবৈধ গৰু ভৰ্তি ট্ৰাক।
বাগৰি আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই জব্দ কৰে বাহন কেইখন। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত কলিয়াবৰ আৰক্ষী নিৱেশ¸জখলাবন্ধা আৰু বাগৰিয়ে যুটীয়া অভিযান চলায় মুঠ ৫৫ টাৰো অধিক গৰুসহ জব্দ কৰা বাহনৰ নম্বৰ সমূহ ক্ৰমে- এ এছ ০৩ চি চি ২৫৪১, এ এছ ১২ বি চি ৮১৯২ আৰু এ এছ ০২ চি চি ৯০২৫ ৷
উক্ত দুস্কাৰ্যত জড়িত তিনিজন লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক ত্ৰয় হ'ল ক্ৰমে সুৰেন মণ্ডল, বিনোদ বাউৰি, জুলফিকাৰ আলিক। এখন বাহনৰ চালক পলাতক বুলি জানিব পৰা গৈছে।
জব্দকৃত বাহন ৩ খনৰ পৰা উদ্ধাৰ কৰা হৈছে ৫৫ টাৰো অধিক গৰু।ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে¸ দেওবাৰে পুৱাও কলিয়াবৰ আৰক্ষীয়ে এখন গো-ভৰ্তি কন্টেনাৰ বাহন জব্দ কৰিছিল। প্ৰনিধানযোগ্য যে, উজনি অসমৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰা এই গো-ধন জব্দ কৰাৰ ক্ষেত্ৰত কলিয়াবৰ আৰক্ষীয়ে প্ৰদৰ্শন কৰা সৰব ভূমিকাৰ বিপৰীতে উজনি অসমৰ আৰক্ষীৰ নিস্ক্ৰিয় ভূমিকা সম্প্ৰতি লক্ষ্যনীয় হৈ উঠিছে ৷
প্ৰশ্ন হ'ল উজনি অসমৰ পৰা যোৰহাট,দেৰগাও থানাৰ সন্মুখেৰে বিনাদ্বিধাই অবৈধ ব্যৱসায়ী চক্ৰই কি দৰে গো-ধন সমূহ সৰবৰাহ কৰি আহিছে ? উজনি অসমৰ আৰক্ষীয়ে গোপন বুজাবুজিৰে এই অবৈধ কৰ্মকাণ্ড কৰি যোৱাত ব্যৱসায়ী চক্ৰক উদগনি যোগাই আহিছে বুলি ৰাইজে মন্তব্য প্ৰকাশ কৰিছে ৷